Sunday, May 1, 2016

সফলতাৰ চাবি বিচাৰি.. (চুটী গল্প)

সফলতা এই শব্দটিক লাভ কৰিবলৈ অতদিনে বহু প্ৰয়াস কৰিছো, কিন্তু মই যিমান আগবাঢ়ি গৈছো, সিয়োচোন মোৰ কাষৰপৰা সমান্তৰালভাৱে দূৰে-দূৰে গৈ আছে, ওচৰ চাপিবই পৰা নাই। ফেচবুকৰ পাত লুটিয়াই বগৰাই সফলতাৰ চাবি-কাঠি বিচাৰি ফুঁৰিছো, পাইছো, কিন্তু তলা নুখুলে, কি কৰা যায় এতিয়া?  অলপ চিন্তা কৰি বুজিলো যে, এই তলাবিধ মোৰ বাবে বিশেষভাৱে তৈয়াৰী আৰু ইয়াৰ চাবি গড়িব লাগিব, তাকো একমাত্ৰ মইহে বনাব পাৰিম কিন্তু বনাঁও কেনেকৈ মোৰ যে দৰকাৰী প্ৰশিক্ষণ নাই। চাবিবিধ সজোৱাৰ কিটিপটো শিকিব লাগিব কাৰোবাৰ পৰা। মোৰ কেইবাজনো ব্যৱসায়ী বন্ধু আছে, সকলোৰে ব্যৱসায়ৰ ধৰন-কৰণ বেলেগ বেলেগ। সকলোৱে নিজ-নিজ ক্ষেত্ৰত মোৰ দৃস্টিত সফল। ভাৱিলো সিহঁতৰ ওচৰলৈকে যোৱা হওক কিবা এটাটো শিকিব পাৰিম।

প্ৰথমে গলো ব্ৰজেনৰ ওচৰলৈ, এজন সফল ক্ষুদ্ৰ চাহ খেতিয়ক, চাহ খেতিৰ যোগেদি বৰ্তমান অৰ্থনৈতিকভাবে যথেস্ট টনকিয়াল। বহুদিনৰ মূৰত মোক লগ পাই সি এফালৰ পৰা তাৰ অভিজ্ঞতাবোৰ বিৱৰি গল। কথাবোৰৰ পৰা অনুমান কৰিব পাৰিলো যে সি কঠোৰ পৰিশ্ৰম কৰে, চাহ গছবোৰক নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰে আৰু বিভিন্নধৰণৰ সাৱধানতা অৱলম্বন কৰে আৰু দিনটোৰ বেছিভাগ সময় বাগানতেই কটায়। লাভ-ও হয়, লোকচান-ও হয় কাৰণ খেতি সদায় বতৰৰ ওপৰত নিৰ্ভৰশীল। তাৰ শাৰিৰীক পৰিশ্ৰম দেখি তবোধ মানিলো। ইয়াৰ পৰা এটা কথা শিকিলো যে কঠোৰ পৰিশ্ৰমেই সফলতাৰ মূল চাবি-কাঠি। তথাপি মনে নোকোৱাত আৰু অধিক জনাৰ আগ্ৰহে মোক আমনি কৰিব ধৰিলে।

যোৱা কালিৰ দৰে আজিও ওলাইছো আন এজন বন্ধুৰ ওচৰলৈ, চহৰত তাৰ দোকানৰ ব্যৱসায় আছে। বৰ পৰিপাটীকৈ ৰাখিছে দোকানখন, মই গৈ পাঁওতে সি বস্তুবোৰ সজোৱাত ব্যস্ত আছিল। পুৱাৰ সময় ব্যস্ততা কম, দোকানতে বহি তাৰ ব্যৱসায়ৰ কথা জানিব খুজিলো। সি কৈ গল পুৱা দোকান খুলি চাফ-চিকুণ কৰি বস্তুবোৰ ঠিক-ঠাক কৰাটো তাৰ দৈনিক অভ্যাস। আজিও সি দৈনিক কৰ্ম সমাপণ কৰি লৈ গ্ৰাহকক অপ্যায়ন কৰিবলৈ ৰৈ আছে, কন্ঠত বিনম্ৰতা বিৰাজমান। তাৰ মতে দোকানত সদায় ভালদৰে বিক্ৰী নহয়, তথাপিতো সি তাৰ দৈনিক কৰ্ম কেতিয়াও নকৰাকৈ নাথাকে। লাহে-লাহে এজন দুজনকৈ গ্ৰহকৰ আগমন ঘটিবলৈ ধৰিলে আৰু ময়ো বিদায় ললো। দোকানখনলৈ মন কৰিলেই বুজিব পাৰি যে ভাল বিক্ৰী হয়। কাৰণ ধুনীয়াকৈ পদ্ধতিগতভাৱে আৰু অত্যন্ত চাফ-চিকুণতাৰ সৈতে সজাই থোৱা সামগ্ৰীবিলাকে সকলোকে আকৰ্ষণ কৰে। তাক তেনেদৰে লগ পাই ভালেই লাগিল, কিছু শিকিব পাৰিলো তাৰ পৰা।

এনেদৰে এজন এজনকৈ বহুকেইজন বন্ধুক লগ কৰিলো। সকলোৱেই ভীষণ ব্যস্ত, ঠিকাদাৰ বন্ধূজনেতো মোক সময় দি-ও লগ দিব নোৱাৰিলে। বেয়া নাপালো, কাৰণ অকস্মাতে আহি যোৱা কামটো মোক লগ দিয়াতকৈ বেছি গুৰুত্বপুৰ্ণ আছিল, মোক পাছতো লগ কৰিব পাৰিব। নিজ কৰ্মৰ প্ৰতি অগাধ ভালপোৱা আছে বাবেই উন্নতি হৈছে সিহঁতৰ।

এনেকৈয়ে এদিন এদিনকৈ এক সপ্তাহ সময় মই পঠিয়াই দিলো মাহটোত বাকী আছেগৈ মাত্ৰ তিনি সপ্তাহ, কোম্পেনীৰ বিতৰণ বিভাগৰ এজন কৰ্মী হিচাপে মাহটোৰ প্ৰতিটোদিনেই আমাৰ বাবে গুৰুত্বপূৰ্ণ। দিনটোৰ পৰিকল্পনা আগতেই ঠিক কৰিব লগা হয়। তথাপিতো কামবোৰ ভবামতে হৈ নুঠে। মনতে ভাৱিলো সিহঁতৰ চাবিপাতৰ লগত মোৰ চাবিপাতৰ দেখোন মিল আছে, নোখোলেহে মাত্ৰ। বুজি পালো যে খোলাৰ পদ্ধতিটো মোৰ সঠিক হোৱা নাই, ভালদৰে ব্যৱহাৰ কৰিব জনা নাই মই, অলপ সংশোধন কৰিলেই হৈ যাব। ঠিৰাং কৰিলো ইহঁতকেইটাই হব মোৰ কাল্পনিক প্ৰশিক্ষক কাৰণ মোক এনে এক অৱয়বৰ প্ৰয়োজন যিয়ে প্ৰতিমূহূৰ্ততে মোৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে অনুপ্ৰাণিত কৰি থাকে। বহু কথা জানিলেও সময়ত মনত নপৰিলে কামত নাহে, সময়ৰ শৰ সময়ত মাৰিবা অপ্তবাক্যশাৰী মনত পৰি গল। একলব্যৰ দৰে হব লাগিব, লাগিব একাগ্ৰতা, শিকাৰ আগ্ৰহ, কঠোৰ পৰিশ্ৰম আদি।

ভবা মতেই কাম, পুৱাতেই দিনটোৰ কাম-কাজৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু দিনটোৰ শোষত হৈ যোৱা আৰু ৰৈ যোৱা কামৰ পৰ্যালোচনা কৰাৰ অভ্যাস কৰিবলৈ ধৰিলো। বাকী ৰৈ যোৱা কামবোৰে পিছদিনা কামৰ বোজা বঢ়াই বাবে দিনটোৰ কাম দিনটোতে সামৰিবলৈ মন বান্ধি ললো। প্ৰতিদিনে ইয়াৰ পুনৰাবৃত্তি কৰাৰ ফলত মোৰ অভ্যাসলৈ পৰিণত হবলৈ ধৰিছে আৰু কামবোৰো নিয়াৰিকৈ সম্পন্ন হৈছে। ভাৱিলো এইবাৰহে চাবিপাতে সঠিক গড় লৈ উঠিছে।

এদিন এনেকৈয়ে কামত ব্যস্ত থাকোঁতে মোৰ সহপাঠী এজন আহিল মোৰ খা-খবৰ লবলৈ। ঠিক একেদৰেই মই যি ধৰণে গৈছিলো বন্ধুবোৰৰ ওচৰলৈ। সচাঁকৈ এতিয়াহে মোৰ বিশ্বাস হল যে এইবাৰ মোৰ চাবিপাতে সফলতাৰ তলা খুলিবই।   

No comments:

Post a Comment