Monday, May 9, 2016

নিচাসক্ত

জীৱনটো অন্যধৰণে চাবলৈ যত্ন কৰিছো । পোৱা-নোপোৱাৰ দুখ বেদনাৰে সমস্টি এই জীৱন । পোৱাবোৰক লৈ যিমান আত্মতুস্টি আহে, সিমানেই নোপোৱাবোৰক পোৱাৰ হেপাহে উত্ৰাৱল কৰি ৰাখে । সেইবাবেই হয়তু সকলো পালো বুলি ভবা লোক এই বিশ্বত আজিলৈকে নাই আৰু নহবও । কিন্তু তাৰ মাজতে বহুতে নিজ মনোবিশ্বত এককভাৱে নিৰলস সাধনাত ব্ৰতী হৈ জীৱনটো সাৰ্থক কৰি তুলিছে । আনক যিকোনো প্ৰাকাৰে তু্স্ট কৰি নিজেও সন্তুস্ট হব পাৰি, কিন্তু ই হব লাগে নিস্বাৰ্থ, নহলে স্হায়ী সুখ প্ৰাপ্ত নহব আৰু ইয়ে পাছলৈ মনত যান্ত্ৰণা দিয়াৰহে উপক্ৰম বেছি । পূৰ্বতে কৰি অহা ভাল কামবোৰৰ খতিয়ানে জীৱনৰ বাকী থকা গোটেই সময়ছোৱাতে স্মৃতিৰ ৰেঙনিয়ে মনটোক সতেজ কৰি ৰাখিব । ইমানলৈকে জনা-বুজাৰ পাছতোচোন খেলি-মেলিবোৰ হৈ যায় ।
যিমান পাৰি আনক বুজিবলৈ যত্ন কৰোঁ, সহায় কৰিবলৈ বিচাৰোঁ কিন্তু কেতিয়াবা ইও হিতে বিপৰীতহে হৈ পৰেচোন । এনেদৰে ভাবিলে ভয় লাগি যায়, সকলো ফালে আন্ধাৰ-আন্ধাৰ অনুভৱ হবলৈ ধৰে । মানুহবিলাকৰ ইমান পৰিবৰ্তন কিয় হৈ পৰিছে বাৰু ? সকলোবিলাক লাভ-লোকচানৰ তুলাচনীৰে চাব বিচাৰে যে ?

এদিন মোৰ ওচৰলৈ গাওঁৰে বুধন আহিল, টকা-পইচাৰ অলপ সহায় বিচাৰি... । নতুনকৈ দোকান এখন খোলে বোলে আৰু লগতে সাপ্তাহিক বজাৰতো বহিব, শাক-পাচলীৰ দোকান, লাভ বহুত হব, পিছে আৰম্ভনি কৰিবলৈহে অলপো মূলধন হাতত নথকাত সমস্যাত পৰিছে । এজন খেতিয়ক হিচাপে টকা-পইচাৰে কাৰোবাক সহায় কৰিবলৈ মই সমৰ্থ নহঁও যদিও মনটোৱে নামানিলে । চিন্তা কৰিলো বুধন পৰিশ্ৰমী লগতে বুধীয়কো, তাক যদি কিবা প্ৰকাৰে অলপ আগবঢ়াই দিব পৰা যায়, সি দুনাই খহি নপৰে । মনতে ঠিক কৰিলো তাক বাৰীৰ তামোল অলপ দি দিম আৰু সেইবোৰ বিক্ৰী কৰি সেই মূলধনেৰে তাৰ ব্যৱসায়ৰ পাতনি মেলিব পাৰিব আৰু লাহে-লাহে সি মোক মূলধন ঘুৰাই দিব পাৰিব ।
পাছদিনাখন তাক মাতি আনি মুঠ ১০০ পোণ্ড (১পোণ্ড= ৮০টা) তামোল তাক দি কলো, যে বজাৰ মূল্যতকৈ অলপ কমকৈ দাম ধৰি লৈ মোৰ হিচাবখিনি ৰাখিবি আৰু নিজৰ অলপ থান-থিত লগাৰ পাছতে মোক অলপ-অলপকৈ ওভতাবি । সিও সৈমান হৈ প্ৰতিশ্ৰুতিসহ সেইদিনা গুছি গল যি গল আজি এবছৰে মোৰ ওচৰলৈ নাহিল । আলেঙে-আলেঙে তাৰ খবৰ-খাতি ৰাঁখো, চব ঠিকেই আছে, বেপাৰ-বাণিজ্যতো চকুতলগা নহলেও আগতকৈ বহুত ভাল অৱস্হা, মানে মোৰ পাবলগীয়াখিনি ঘুৰাই দিব পৰা অৱস্হা । মনটো ভাল লাগিল কিবা এটাতো হল ।
এদিন তাৰ ঘৰলৈকে যাবলৈ থিক কৰিলো- কাৰণ মোৰ লৰাৰ কলেজত নামভৰ্তিৰ বাবে আৰু লগতে সাংসাৰিক জীৱনৰ লাগতীয়াল খৰছবোৰ পূৰাবলৈ কেইদিনমানৰপৰা আৰ্থিক টনা-টনিয়ে দেখা দিছে । তাৰপৰা যদি টকাকেইটা পাঁও অন্তত এটা লেথা মাৰিব পাৰিম, সেই ভাবি তাৰ ঘৰ পালোঁগৈ । সি মোক দেখি অলপ অপ্ৰস্তুত হল আৰু কলে যে অতি-ব্যস্ততাৰ বাবে মোৰ কথা সি পাহৰিয়েই আছিল, কথাতো তাৰ মনত আছে, কাইলৈকে দিব, এনেধৰণৰ কথা-বাৰ্তাৰ পৰা মনটো আশ্বস্ত হল, যা হওক এটা সমস্যা দূৰ হৈছে ।
পাচদিনাখন দেখিলো এখন ঠেলাগাড়ীত তামোল এখিনি লৈ সি মোৰ চোঁতালত উপস্হিত । তাৰ মতে এইকেইদিন বেপাৰ-বাণিজ্য ঠিকে-ঠাকে চলা নাই, হাতত নগদ ধনো নাই সেয়ে তোমোলখিনিকে ঘুৰাই দিবলৈ আহিছে । ক’তা যোৱাকালি দেখা পোৱা অৱস্হা আৰু আজি কোৱা কথাখিনিৰ মাজত মিল দেখা নাপালো দেখোন । অলপ দুখ লাগিল কাৰণ যোৱা বছৰৰ তুলনাত এই বছৰ তামোলৰ উত্পাদন বাঢ়ি অহাত দামৰ সামান্য তাৰতম্য ঘটিছে আৰু লগতে ছালানী তামোলবোৰতো আছেই ।
ভাবিলো মই দিয়া তামোলখিনিৰ মূল্য জানো এইখিনিয়ে পূৰাব পাৰি ? সি যেন বৰ গধূৰ ভাৰ দুপাচি কান্ধৰ পৰা নমাই স্বস্তিৰ নিশ্বাস পেলোৱাদি আচৰণ কৰি গুচি গল । বৰ দুখো লগা নাই, কিনা-বেচা হ’ল আমিবোৰ খেতিয়কৰ জীৱনৰে এক এৰাব নোৱৰা অধ্যায় । তাৰ কথা চিন্তা কৰিলো, সি মোক টকাৰ সলনি তামোলখিনি কিয় দিলে? মানুহ ইমান স্বাৰ্থপৰ হব পাৰেনে ? নিজ সংসাৰৰ বাদে আনৰো যে সংসাৰ থাকিব পাৰে দেখিও নেদেখে, মিছাকৈ কৈ হলেও নিজ স্হিতিক সমৰ্থন কৰি পূৰনা সমস্যা এটাৰ পৰা সম্পূৰ্ণ সকাহ পোৱাৰ প্ৰৱণতা কেনেকৈ গড় লৈ উঠিব পাৰে? সমস্যাটোৰ সমাধান হৈছে বাৰু,  কিন্তু মানসিক তৃপ্তি পাব পাৰিনে এইদৰে? এনেকৈ বহু প্ৰশ্নই মোক আগুৰি ধৰিলে । মাজতে ভাবিলো মইও স্বাৰ্থপৰ হৈছো নেকি, অকল মোৰ কথাহে শুদ্ধ বুলি ভাবি আছো । আচলতে এনেকুৱাও হব পাৰে- সকলোৱে মোৰ সদা হাঁহিমুখীয়া মুখখন দেখি খুউব শান্তিত আছো বুলি ভাবি লয় আৰু ভাবে ছাগে এওঁৰ বহুত আছে, একো চিন্তা নাই । থোৰতে কব পাৰি যে মোৰ আকালো নাই ভৰাঁলো নাই, সিমীত উপাৰ্জনেৰে ঘৰখনৰ ইটো-সিটো কাম-কাজ কৰি বেমাৰ আজাৰ নোহোৱাকৈ চলি আছো ।
আনক সহায় কৰি ভাল পাঁও ইয়ে মোক মানসিক আনন্দ দিয়ে সেয়ে সদায় প্ৰফুল্লিত হৈ থাঁকো । আনক কৰি অহা সহায়বোৰৰ স্মৃতিয়ে মোক এক অজান মানসিক শক্তি প্ৰদান কৰে । টিভিৰ পৰ্দাত দেখা পোৱা ৰাজনৈতিক নেতাবিলাকে মন্চত ৰাইজক সহায় কৰাৰ তালিকা ঘোষনা কৰা ভাষণবিলাকে তেওঁলোকক কিমান মানসিক সন্তুস্টি প্ৰদান কৰে নাজানো কিন্তু মনে-মনে আনৰ দুখ অনুধাৱন কৰি লৈ সামৰ্থ্য অনুযায়ী কৰা সহায়বোৰৰ পৰা প্ৰাপ্ত সুফলে মনত এক অনাবিল আনন্দ যে দিয়ে ভালদৰেই বুজি উঠিছো । এইটো এটা নিচাৰ নিচিনা, ময়ো ক্ৰমে এই নিচাৰ চিকাৰ হৈ পৰিছো যেন লাগিছে । মই নোৱাৰিম..., বাধা দিলেও এই নিচা ত্যাগ কৰিব নোৱাৰিম..., যাণ্ত্ৰনা, লান্চ্ছনা, কস্ট লৈও মই ইয়াক ত্যাগ কৰিব নোৱাৰিম..., কাৰণ ইয়ে মোৰ সকলো অৱসাদ দূৰ কৰে, ভাল লাগে, হাঁহি থাকোঁ ।  


লক্ষী না বৰবৰুৱা
০৯/০৫/২০১৬

No comments:

Post a Comment