Thursday, April 28, 2016

সময়ৰ মূল্যায়ন (গল্প)



    সময় যে মূল্যৱান, বয়স বাঢ়ি অহাৰ লগে লগে বেছিকৈ অনুভৱ হয়। মা-দেউতাই প্ৰায়ে কোৱা কথাষাৰিৰ মূল্য আজি ভালদৰে উপলব্ধি কৰিব পাৰিছো। ডেকা কালত এনেয়ে কটোৱা সময়খিনি যদি আকৌ ঘূৰাই পালো হেতেঁন...আচলতে জীৱনটো আমি ভৱাতকৈয়ো বহু সুন্দৰ, সুখ-দুখ, ঘাত-প্ৰতিঘাত, খং-ৰাগ, ধেমালীৰে পৰিপূৰ্ণএৰি অহা দিনবোৰ ৰূমন্হন কৰি সময় কটাইও কেতিয়াবা কিবা এটা ভাল লাগি যায়। জীৱনটোক বুজিবলৈ চেস্টা কৰিছো, কৰি অহা সৰু-সৰু ভূলবোৰ মনত পোলোৱাৰ প্ৰয়াস কৰিছো যাতে পুনৰায় নহয়। নিজকে অন্তৰ্মূখী যেন লাগিছে, প্ৰায় মানুহেই নিজৰ ভূলৰ শিক্ষা পৰিৱেশ পৰিস্হিতিত পাহৰি পেলায়, মনত থাকে কেৱল আনে কৰা ভূলবিলাকপ্ৰত্যেকৰে আনৰ বিষয়ে জানিবলৈ আগ্ৰহ এটি থাকে, ভালেই হওক বা বেয়াই হওক পাৰ্থক্য ইমানেই যে নিজৰ বিচাৰ বিবেচনাত ভাল বেয়াৰ ভাগ-ভাগ হয় আৰু মানুহজনৰ আগ্ৰহ অনুযায়ী তাৰে এটা অংশ মনত ৰাখে আৰু আনটো দলিয়াই পেলায়। নহলে আমাক মহ্তলোকৰ বাণীসমূহ বাৰে বাৰে শুৱঁৰিব লগীয়া নহলহেঁতেন। বাণীসমূহৰ মূল অৰ্থ বুজি পায়ও কিয় মানি চলা নহয়, কেৱল বেৰত আঁৰিহে থোৱা হয়। ইয়াৰ লগত হয়তো ক্ৰিয়া কৰে ব্যক্তিজনৰ মনৰ আগ্ৰহৰ দিশটোৱে, সেয়ে ব্যক্তিস্বাৰ্থৰ বাবে ভাল বুলি জানিও পৰিৱেশ পৰিস্হিতিত বাণীসমূহক প্ৰত্যাহ্বান জনাবলৈও যুক্তিৰ দলিল তৈয়াৰ কৰিব পাৰে। যেনে এই মূহূৰ্তত মোৰতোহে সত্য বা এইটোহে কৰা উচিত।



     জীৱনটোক ভালদৰে বুজিবলৈ হলে আনকো বুজিবলৈ চেস্টা কৰিব লাগিব। সময় পৰিস্হিতি সাপেক্ষে সকলোৱে নিজৰ ক্ষেত্ৰত যুক্তিত শ্ৰেস্হ, মাঁথো খাপ খাই চলিবলৈহে অলপ এৰা ধৰাৰ প্ৰয়োজন। মোৰো জীৱনৰ ৬০টা বসন্ত কেতিয়া পাৰ হৈ গল গমকে নাপালো। জীৱনৰ আধা সময়খিনি পাৰ হৈ যোৱাত অনুভৱ হৈছে বহুত খিনি যেন হেৰুৱাই আহিলো, বহুত কিবা কিবি কৰিবলৈ থাকি গল। সুদীৰ্ঘ ৩৫ বছৰীয়া চাকৰি কালত নিজৰ মতে চিন্তা কৰাৰ অৱকাশেই নাছিল। বৰমূৰীয়াৰ আদেশ, কামৰ বোজা, সাংসাৰিক চিন্তা আদিত ভাৰাক্ৰান্ত একঘেয়ামী জীৱন-ধাৰণ ক্ৰমে যান্ৰিক হৈ উঠিছিল।

     চৰকাৰী চাকৰীটোৱে আৰ্থিক স্বাৱলম্বিতা প্ৰদান কৰাত মোৰ চাৰিজনীয়া পৰিয়ালটোৰ বিশেষ অসুবিধা হোৱা নাই। লৰায়ো ইন্জিনিয়াৰিং পাছ কৰি কৰ্মসংস্হানৰ অপেক্ষাত। যোগ্য পাত্ৰ পোৱাত ছোৱালীজনীকো বিয়া দি দিলো আৰু তাই বৰ্তমান সূখী। এনেদৰে চাবলৈ গলে মোৰ সমান সুখী পৃথিৱীত কোনো নাই, মৃত্যুপৰ্য্যন্ত টকা-পইচাৰো বিশেষ অসুবিধা নহবগৈ চাগেতথাপিও যেন জীৱনৰ প্ৰকৃত আনন্দ উপভোগ কৰাৰ পৰা বন্চিত হলো। একক পৰিয়াল সুখী পৰিয়াল বোলা বাক্যশাৰীৰ বিৰুদ্ধে মোৰ যুক্তি আজি শক্তিশালী হৈ উঠিব ধৰিছে, নিজকে অকলশৰীয়া অকলশৰীয়া লাগিছে

:ককাই চাউলখিনি পাকঘৰলৈকে লৈ যাঁও নেকি?- মনেশ্বৰৰ মাতত ঘপকৰে মোৰ সম্বি্ত ঘুৰি আহিল। আগফালৰ চোতালত মুকলি আকাশৰ তলত এনেদৰে বহি থকা বহু সময়ে হল।
:কিবা চিন্তা কৰি আছ নেকি ককাই?- উত্তৰ দিওঁতে চমু সময় লগাত সি পুনৰ মাতিলে।

:নাই, নাই, অ, অঁ ভিতৰলৈকে লৈ যা, বৌৱে দেখুৱাই দিব, কত থব লাগে। আচলতে সি যে আহি মোৰ ওচৰ পালেহি মনেই কৰা নাছিলো। ভাৱনা জগতৰ পৰা নিজকে ঘুৰাই আনি স্বাভাৱিক হবলৈ যাওঁতে দ্বিতীয়তে সোধা প্ৰশ্নৰ উত্তৰ আগেয়েহে দিলো। কব নোৱৰাকৈ মিচিকিয়া হাঁহি এটি ওলাই আহিল।

:”তুহঁখিনি ময়েই ৰাখিলো ককাই- ভিতৰৰ পৰা মূড়া এটা লৈ আহি মোৰ কাষতে বহিলহি। ময়ো কলো- ভালেই কৰিলি, আমাৰ ঘৰতচোন হাঁহ-কুকুৰা, গৰু-ছাগলী নাইয়েই, লৈ কৰিম কিমই জানিলো, মোৰ লগত কথা পাতিববলৈকে এনেয়ে সদায় কোৱা কথাষাৰ কৈছে, আচলতে ধানকেইটা কোটোৱাৰ বিনিময়ত সি তুহঁখিনি ৰাখে, আমিও ভালেই পাঁও।

:”মনেশ্বৰ চাহকাপ লোৱা- আমাৰ শ্ৰীমতীয়ে চাহ-বিস্কুট আগবঢ়াই কলে। চাহকাপ দেখি ময়ো কলো- মোকো একাপ দিয়া
ততাতৈয়াকৈ শ্ৰীমতীয়ে উত্তৰ দিলে – দিনটোত কিমানবাৰনো চাহ নাখায় ? বাৰু ৰব, আনি দিছো- কথাষাৰ মিছা নহয়, চিন্তা ভাৱনাত বুৰ গৈ থাকোঁতে চাহৰ কাপ কেইবাৰ ধুৱলগীয়া হয়, তেওঁহে ভালদৰে গম পাব

     অলপ পাচতে চেনী নিদিয়া চাপ একাপ মোক দিলেহি। কলো- একেবাৰে নিচাখোৱা ব্যক্তিৰদৰে ব্যৱহাৰ কৰিলাচোন - হাঁহি এটা মাৰি শ্ৰীমতী আঁতৰি গল।
:বুইছ মনাই (মই মৰমতে মাতো), বৌয়েৰৰ লগত এনেদৰে চুপতি মাৰি থাঁকো, মনটোকো হাঁহি ধেমালি আদিৰ ঔষধ লাগে নহয়।

:হয় ককাই, জীৱনটো হাঁহি হাঁহিয়েই পাৰ কৰি দিব লাগে। আমিও হাঁহি হাঁহিয়েই দুখবোৰ পাহৰাই থাঁকো, নহলেনো কি কৰিম। পথাৰলৈ যাওঁতে অন্য হালোৱাৰ লগত চুপতি, খেতি চপাওঁতে, হাবিত খৰি বিচাৰিবলৈ যাওঁতে, শাকতলী বনাঁওতে কৰা চুপতি আদিয়ে আমাৰ মন ভৰি থাকে।

:”হয়তো”- সি নিজৰ কথাত আপোন বিভূৰ হৈ কৈ থকা কথাকেইটাই মোকো সিহঁতৰ মাজলৈ ৰিঙিয়াই মাতিলে। দূৰ আকাশত চৰাইবোৰে নিজৰ বাঁহলৈ উভতিব ধৰিছে, বেলিৰ ছাঁটোৱেও মেলানি মাগিছে কাইলৈ পুনৰ দেখা দিয়াৰ প্ৰতিশ্ৰুতিৰে।
:”মই যাওঁ ককাই, গৰুকেইটা বিচাৰিব লাগে”- চাহৰ বাতিত শেষ সোহা মাৰি সি কলে।

: “অ, যা”- চমুকৈ কৈ তাৰ ফালে একেৰাহে চাই ৰলো, ভাবিলো সি মোতকৈ বহুত সুখত আছে। পৃথিৱীত সুখৰ সন্ধান বিচাৰি অনেকে কিমান যে হাবাথুৰি খাই ফুঁৰিছে, পশ্চিমীয়া দেশবোৰত লাফিং ক্লাৱ খুলি হাঁহি ধেমালিৰ মাজেৰে স্বাস্হ্যৱান হোৱাৰ চেস্টা চলাই আছে। অথচ আমি আমাৰ ওচৰত থকা সৰু-সৰু সুখৰ মূহূৰ্তবোৰ বিচাৰিব নাজানি হেৰুৱাই পেলাঁওআনৰ প্ৰতি মৰমৰ পুলি এটি মনত ৰুপন কৰিব পাৰিলেই লাহে লাহে জীৱন আনন্দময় হৈ পৰিব। মনাইৰ দৃস্টিভংগীয়ে মোক তাৰে ইংগিত দিলে।

     মনেশ্বৰ মোৰ সম্পৰ্কীয় ভাই হয়্। সিহঁতৰ পৰিয়ালটোৱে দেউতাহঁতৰ দিনৰেপৰা আমাৰ মাটিত খেতি কৰি আহিছে। এতিয়াও আমাৰ মাটি কেইডৰাত সিয়ে খেতি কৰি দিয়ে। বয়সত সি মোতকৈ দুইবছৰমান সৰু হব। গাঁৱত আমি একেখন স্কুলতে পঢ়িছিলো যদিও সি দুশ্ৰেণীমান পঢ়ি ঘৰুৱা সমস্যাত প্ৰাথমিক বিদ্যালয়েই পূৰা নকৰিলে। দেউতাকে তাক গৰু চৰাবলৈ আৰু ঘৰুৱা ইটো-সিটো কামত খটুৱালে। আজি সি এজন অভিজ্ঞ কৃষক, কৃষি সম্বন্ধীয় প্ৰায় সকলো কথাই তাৰ আঙুলিৰ আগত। বেমাৰ-আজাৰ হৈছে বুলি আজিলৈকে শুনা নাই। তাৰ সংসাৰত তিনিটি প্ৰাণী। নিজে পঢ়িব নোৱাৰিলেও, সি অশেষ কস্ট কৰি লৰাক পঢ়ুৱাইছে। ঘৰুৱা খৰছ উলিয়াবলৈ ইঘৰে-সিঘৰে হাজিৰা কামো কৰে। তাৰ লৰায়ো এইবাৰ বি.এ. ফাইনেল পৰীক্ষা দিব।

     মনাইৰ লগত কথা পাতি আনন্দ পাঁও, তাৰ প্ৰতিটো খবৰ সদৃশ কথাতে মই বৰ আমোদ পাঁও, সেয়ে তাৰ প্ৰতি কৌতুহল উপজে, ইমান অভাৱ অনাটনৰ মাজতো সি কেনেকৈ নিজকে সহজভাৱে ৰাখিব পাৰে, হাঁহি থাকিব পাৰে।

     এদিন তাক আৰু ওচৰৰ পৰা জানিবলৈ সিহঁতৰ ঘৰলৈ ওলালো। ঘৰৰ আগত মোক দেখিয়েই মনায়ে ঘৰৰ ভিতৰলৈ লৈ গল আৰু কলে ককাই অলপ বহচোন মই কাম এটা কৰি আঁহো। মোক বহিবলৈ দি সি আলিবাটলৈ খোজ ললে।

:’দেউতা তামোল খাব- বোৱাৰীজনীয়ে তামোলৰ বতা আগবঢ়াই দিলে। মইও তামোল এখন মুখত সোমোৱাই ঘৰুৱা খবৰ-খাতি সুধিলো । অলপ পাছতে মনায়ে হাতত কাগজেৰে মেৰিয়াই কিবা এটা লৈ সুমাই আহিল, হয়তো দুকানৰ পৰা আহিলগৈ।

:’ককাই এইকেইদিন স্বাস্হ্য ঠিকেইনে – কান্ধতে গামোছা এখন মেৰিয়াই লৈ সি মোৰ ওচৰতে বহিলহি।
:’এনেয়ে দেখাত ঠিকেই, মাজে মাজে কেতিয়াবা প্ৰেছাৰে আমনি কৰি থাকে তাতে ডায়েবেটিছটোৱেও লগ ললেহি’- সচৰাচৰ সকলোকে কোৱাৰ দৰে তাকো তেনেকৈয়ে কলো। এইধৰনৰ প্ৰশ্ন আজিকালি সকলোৱে সোধে বাবে সবকে একেভাগেই কঁও।

:’এৰা ককাই, চাই-চিতি খাব লাগিব। আমাৰ হে একো নাই দেই এফালৰ পৰা সকলো খাই যাব পাঁৰো’- কথাষাৰ কৈ ইফালে-সিফালে চালে, সি ভাৱিছে ছাগৈ ককাইৰ আগত অলপ বেছিকৈ কলো নেকি।
সহজ হবলৈ ময়ো কলো- ডেকা কালত স্বাস্হ্যৰ যতন লোৱাৰ কথা চিন্তাই কৰা নহল অ, চাকৰীৰ কালো প্ৰায় আৰামতেই কতালো, এতিয়াহে বুজি পাইছো শাৰিৰীক পৰিশ্ৰমৰ মূল্য কিমান দুখনমান পিঠা আৰু বিস্কুটৰ সৈতে দুকাপ চাহ বোৱাৰীয়ে আমাক যাছি গলহি

:আমিনো কেতিয়াকে আৰাম কৰিবলৈ পাম ককাই, কামৰ পৰাচোন আহৰিয়েই নাপাঁও। কাম কৰি আছো, খাইছো জীয়াই আছো বছ, বেমাৰ-আজাৰলৈহে ভয় লাগে, হলে কিযে হব ভাবিলে একো ওৱাদিহ নাপাঁও। সেইবাবে বেছি চিন্তা কৰি নাথাকো, হাঁহি-ধেমালি কৰি থাকো।

:তহঁতি গম নোপোৱাকৈ তহঁতৰ ভালবিলাক হৈ আছে। সদায় কস্ট কৰি আছ, বাৰীৰ শাক-পাচলী খাই আছ, একো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰা চাউল মুঠি খাই আছ আৰু তাতোকৈ ডাঙৰ কথা তহঁতে আনন্দ কৰি থাক, তহঁতৰ বেমাৰ হব কৰ পৰা।

:হয় ককাই, সৰু-সুৰা জ্বৰ পানীলগাৰ বাদে আজিলৈকে তেনেকুৱা বিপদ অহা নাই।

এনেতে সিহঁতৰ লৰা অজয় সোমাই আহিল- বৰতা ভালনে,
:ভালেই আছো, পিচে তোৰ পৰীক্ষা কেনেকুৱা হল?
:ভালেই হৈছে বৰতা,
:’পাছ কৰাৰ পাছত কি কৰিম বুলি ভাৱিছ- তাৰ মনৰ উমান লবলৈ সুধিলো।
:’পঢ়িবলৈ মন আছে যদিও লগতে কিবা এটা কৰিব লাগিব- সি টপৰাই উত্তৰ দিলে।
:আকৌ সি কবলৈ ধৰিলে – আমাৰ নৈৰ কাষৰ চাপৰিবিলাক এনেয়ে চন পৰি আছে, ভাৱিছো গোট এটাকে খুলি লৈ শাক-পাচলীৰ খেতি কৰিম আৰু বাৰিষা দিনত ধান খেতিত লাগি যাম
:বহুত ভাল চিন্তা কৰিছ অজয়, বয়স অথলে নপথঠিয়াবি, ডেকা কালৰ শক্তি উ্তপাদন কাৰ্য্যত ক্ষয় কৰিলে দেহ-মন সুস্হ সবল হব আৰু নতুন কৰ্মোদ্যমে বাঁহ লব।

     মনে মনে তাৰ চিন্তাৰ শলাগ নলৈ নোৱাৰিলো। মোৰ দৃস্টিত অকল চৰকাৰী চাকৰীলৈ বাট চাই সময় নস্ট কৰাতকৈ হাতে-কামে লাগি যাব লাগে আৰু ভৱিষ্যতৰ বাবে অলপ হলেও সাঁচি যোৱা উচিত। সহজ কথাত চাকৰী পালেও ভাল আৰু নাপালেও আক্ষেপ নাথাকিব
:”আপুনিও আমাক অলপ সহায় কৰি দিবনে বৰতা ?, আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে আমাক বাট দেখুৱাই যাব, ভূলবোৰ আঙুলিয়াই দিব”- একপ্ৰকাৰে সি মোক গোটটোৰ সদস্যই কৰি পোলালে, মনে মনে ভালেই লাগি গল, অন্তত আকৌ এবাৰ ব্যস্ত হব পাৰিম।

:”এতিয়া মই যাঁও- বুলি কৈ বিদায় ললো, মনায়ে বাৰীৰ শাকৰ টোপোলা এটি মোৰ হাতত গুজি দিলে।

     বাটেদি আহি থাকোতে মোৰ বয়স দহ বছৰমান কমি অহা যেন লাগিল। নতুন কাম এটা পোৱাৰ আনন্দই মোক মোহাৱিস্ট কৰি পেলালে। বিচাৰি ফুৰা কাম এটা পাই এজন নিবনুৱাৰ যি আনন্দ হয়, মোৰো কোনো গুনে কম নহয় এনে অনুভৱ হল।

     ঘৰলৈ আহিয়েই মই সৰু-সুৰা কাম কাজত ব্যস্ত হৈ পৰিলো। মোৰ এই আকস্মিক পৰিৱৰ্তন দেখি শ্ৰীমতীয়ে সুধিলে – বৰ স্ফূৰ্তি দেখিছো, কিবা পালা নেকি,
:এৰা আজি ভাতকেইটামান বেছিকৈ ৰান্ধিবা, ভোক লাগিছে, কাইলৈৰ পৰা বহু কাম আছে কৰিবলৈ, - চমুকৈ কৈ মই কৃষি সম্বন্ধীয় আলোচনী, কিতাপ, বাতৰিকাকত আদি বিচাৰিব ধৰিলো।

     পুৱা চাহকাপ খাই বাৰাণ্ডাতে চকীখন উলিয়াই বহিলো। যোৱাকালিৰ কথাবোৰ মনত পেলাবলৈ ধৰিলো। মনাইহতঁৰ ঘৰলৈ মই এনেয়েহে গৈছিলো, ক্ষন্তেক সময়তে অজয়ক লগ পাই মনটো এনেদৰে উ্তসাহিত হৈ পৰিল যেন এতিয়াৰে পৰা কাম আৰম্ভই কৰি দিম। উদ্যমটো মই জীয়াই ৰাখিব লাগিব, সমাজৰ প্ৰতি মোৰোতো কৰণীয় আছে। ধন, টকা-পইচাৰ ক্ষেত্ৰত জীৱনৰ বিয়লি বেলালৈকে মোৰ কোনো অসুবিধা নহব, তথাপি তেনেদৰে থাকি খাই-বৈ মৃত্যুৰ দিন গণনা কৰি থকাৰ দৰেহে হবজীয়াই থকাটো সাৰ্থক কৰি তুলিবলৈ হলে মইয়ো ঘৰত বহি নাথাকি সাধ্য অনুযায়ী কৰ্মত লাগি যোৱাৰ গত্যন্তৰ নাই। এইখিনিতে কিন্তূ মনটোৰো কথা আছে, লৰাকেইটামানক সিহঁতৰ কামত সহায় কৰি যদি মনে আনন্দ পাই, তেন্তে কেৱল মই মনটোৰ কথাতহে গুৰুত্ব দিম। ব্যস্ততাময় জীৱনে জীয়াই থকাৰ আগ্ৰহ বৃদ্ধি কৰে, মন প্ৰফূল্লিত থাকিলে ৰোগেও আমনি নকৰে।

     সময় বহু মূল্যৱান, অবাবতে নস্ট কৰা সময়বোৰৰ ক্ষতিপূৰণ পূৰাবলৈ মোৰ হাতলৈ এক নতুন সুযোগ আহিছে আৰু ইয়াৰ উচিত ব্যৱহাৰ কৰিম । অলপ আতঁৰত দেখিলো মনায়ে আৰু আজয় মোৰ ফালে চাই হাঁহি-হাঁহি আহি আছে।   

লক্ষী বৰুৱা
    


Wednesday, April 27, 2016

(স্বাস্হ্য আলোচনা) মধুমেহ ৰোগ আৰু সজাগতা :

    

    বৰ্তমান সময়ত মধুমেহ ৰোগে ভয়ংকৰ ৰুপে বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৰিসংখ্যা মতে বিশ্বৰ প্ৰায় প্ৰতি ৫ জন ৰোগীৰ মাজৰ ১ জন ভাৰতীয়। এই ৰোগবিধ বিয়পিবৰ বাবে বহুতো কাৰন থাকিব পাৰে। এই লেখাত বিভিন্ন উ্তসৰ পৰা লাভ কৰা তথ্যৰ ওপৰত আধাৰ কৰি সজাগতা সৃস্টিৰ  বাবে প্ৰয়াস কৰা হৈছে।

    সাধাৰণতে মধুমেহ (Diabetes)দুই প্ৰকাৰৰ,  টাইপ ১ আৰু টাইপ ২

টাইপ ১:
এইবিধ ৰোগত অগ্নাশয়ে (Pancreas) পৰ্যাপ্ত পৰিমানৰ ইনছুলিন উ্তপন্ন কৰিব নোৱাৰে। ইনছুলিন মানৱ দেহৰ এনে এবিধ হৰমন যিয়ে কোষবোৰক গ্লুকজ শোষণ কৰি ইন্ধন যোগোৱাত সহায় কৰে। দু্ৰ্ভাগ্যবশত টাইপ ১ বংশানুক্ৰমিক আৰু ই জীৱনৰ কম বয়সৰ পৰাই আৰম্ভ হব পাৰে আৰু ইয়াক প্ৰতিৰোধ কৰিব পৰা নাযায় ।

টাইপ ২:
অন্যহাতে এইবিধ ৰোগ বংশানুক্ৰমিক নহয়। ইয়াত কোষবোৰ ইনছুলিন প্ৰতিৰোধী হৈ পৰে অৰ্থাত ইনছুলিন প্ৰৱেশত বাধা দিয়ে, ফলত কোষবোৰত গ্লুকজৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে আৰু ইয়াৰ মাত্ৰাধিক পৰিমাণে কোষৰ স্বাভাৱিক কাম-কাজত বাধাৰ সৃস্টি কৰে আৰু তেজৰ যোগেদি শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৱাহিত হৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ কাম কাজত বাধাৰ সৃস্টি কৰি বিকল কৰাৰ চেস্টা চলায়। ইয়াৰ দ্বাৰা ৰক্ত ধমনী, হৃদয়, স্নায়ু, চকু, বৃক্ক আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।

    মনকৰিবলগীয়া যে, কোষসমূহ হঠা্ত ইনছুলিন প্ৰতিৰোধী কিয় হৈ পৰে, এই বিষয়ে এতিয়াও সম্পূৰ্ণৰূপে বুজিব পৰা হোৱা নাই। তথাপি অতিৰিক্ত ওজন, শাৰিৰীক নিস্ক্ৰিয়তা আদিক অনুৰূপ কাৰণ হিচাবে চিহ্নিত কৰা হৈছে। যিহেতু মেদবহুলতাৰ লগত টাইপ ২ ৰোগবিধৰ সম্বন্ধ আছে  সেয়েসে মাংশপেশীযুক্ত কোষসমূহৰ তুলনাত চৰ্বীযুক্ত কোষসমূহৰ ইনছুলিনক প্ৰতিৰোধ কৰিব পৰা শক্তিশালী প্ৰতিপক্ষ হিচাবে দেখা দিয়াৰ সম্ভাৱনা অধিক হয়।

খাদ্যাভ্যাস:  এই বিষয়ত প্ৰতিকাৰৰ উপায় সম্বন্ধে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলি আছে। আমেৰিকান ডায়েবেটিছ এচছিয়েচনৰ সভাপতি ড: বাৰ্গেনস্টল (MD, Medicine and Science ) ৰ মতে খাদ্য সাৱধানতা  তথা সজাগতাই টাইপ ২ ৰোগৰ প্ৰতিকাৰৰ উত্তম উপায়। তেওঁৰ মতে দীৰ্ঘম্যাদী অতিৰিক্ত ওজনে লাহে লাহে অগ্নাশয়ৰ কাৰ্যক্ষমতা হ্ৰাস কৰে আৰু এনেক্ষেত্ৰত কেৱল ইনছুলিনৰ প্ৰতিৰোধেই নহয় ইনছুলিন হীনতাতো ভূগিব পাৰে আৰু ইয়ে তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক ৰখাত কঠিন হৈ পৰে

    এনে স্হিতিৰ পৰা হাত হাৰিবৰ বাবে বাৰ্গেন্স্টলে দৈনিক ব্যয়াম আৰু আহাৰৰ সংযোজন ঘটাই ৫০০ কেলৰি শক্তি ক্ষয় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।আমি আমাৰ খাদ্য তালিকাৰ সংশোধন ঘটাব লাগিব। অত্যাধিক কাৰ্বহাইড্ৰেটযুক্ত আহাৰ আৰু চেনীযুক্ত আহাৰ বৰ্জন কৰি চলিব লাগে। ফলমূল আৰু দুগ্ধজাত সামগ্ৰীক খাদ্যৰ তালিকাত আগস্হান দিয়া উচিত আৰু লগতে ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ ফাইবাৰে গ্লুকজৰ বৃদ্ধিত অৰিহণা কমাই আনে আৰু  পেশীবিলাকত ইনছুলিনৰ সংবেদনশীলতা বঢ়াই তোলে।

    বাস্তৱক্ষেত্ৰত দেখা যায় যে আমি বহুতেই স্বাস্হ্যৰ প্ৰতি সজাগ নহঁও, আৰু চিকিত্সক-চিকিত্সালয়ৰ ওপৰতে সদা নিৰ্ভৰশীল হঁও। ৰোগত আক্ৰান্ত হলে চিকিত্সাৰ গত্যন্তৰ নাথাকে কিন্তু যদি আগতীয়াকৈ অলপ সাৱধানতা অৱলম্বন কৰি চলো তেন্তে বহুলাংক্ষে ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰি।

    আগৰ দিনত মানুহবিলাকৰ বেমাৰ-আজাৰ কমকৈ হৈছিল, চিকি্তসকো আঙুলিৰ মূৰত লেখিব পৰা কেইজনমানহে আছিল। তেতিয়াৰ দিনৰ কথা বেলেগ আছিল বুলি আজি সততে লোকে কয়। প্ৰচুৰ পৰিমাণৰ ফলমূল, উভৈনদী শাক-পাচলীৰে ভৰা বাৰী, কৃষিকাৰ্য্যত জৈৱিক সাৰৰ ব্যৱহাৰে খাদ্য-সম্ভাৰত মানুহৰ আগোচৰে শৰীৰৰ লাগতীয়াল সকলো (তত্ব)ৰে যোগান ধৰিছিল আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী হৈ আছিল। সেইবাবেই থোৰতে সকলোৰে মুখে-মুখে প্ৰচলিত আছিল যে- বতৰৰ ফল বতৰতে খাৱ লাগেঅমুকতো কৰিব নাপায়, তমুকতো কৰিব নাপায় আদি বিধি-বিধান বিলাকেও মানুহবিলাকক নিয়ম নীতিৰ মাজেৰে শৃংখলিত ভাৱে সুস্হিৰ জীৱন যাপন কৰাত অৰিহণা যোগাইছিল।

    সময়ৰ লগে-লগে সকলোফালে পৰিৱৰ্তনে আগুৰি ধৰিছে, জনসংখ্যা বৃদ্ধিয়ে এফালৰপৰা স্বাস্হ্য, খাদ্য, সমাজ, সকলোৰে ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। কাৰণ প্ৰতিটোৰে ইটোৰ লগত আনটোৰ সম্পৰ্ক আছে যেনে খাদ্য, স্বাস্হ্য, প্ৰতিযোগিতা, শিক্ষা, সমাজ সকলো ওতপ্ৰোতভাৱে জড়িত। ভালদৰে মন কৰিলে দেখা যায় যে বংশগত, দুৰ্ঘটনাবশত আদি কিছুমান কাৰক বাদ দি যদি গড়ে প্ৰতি সকলোৱে প্ৰয়োজনীয় সুষম আহাৰ লাভ কৰে তেন্তে স্বাস্হ্যখণ্ডৰ অভাৱনীয়  পৰিৱৰ্তন হব। আমি যিহেতু জানোৱেই যে এটি সুস্হ শৰীৰত এটি সুস্হ মনে বাস কৰে আৰু এনে মনৰ বাসিন্দাই এখন সুন্দৰ সমাজক প্ৰতিনিধিত্ব কৰে, ফলত সকলো আনন্দ মনেৰে জীৱন অতিবাহিত কৰিব পাৰে।

    আজিৰ যান্ত্ৰিক যুগত সকলোৰে পক্ষে সকলোবিধ খাদ্য বিচাৰি ফুৰাৰ সময় নাথাকে, গতিকে বিকল্পৰ সন্ধান কৰে। যিহেতু আজিকালি বিভিন্ন প্ৰকাশ মাধ্যম, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুস্হান-প্ৰতিস্হান, কোম্পেনী আদিয়ে সজাগতা বৃদ্ধিৰ প্ৰচেস্টা চলাই আছে, তথাপিতো সম্পূৰ্ণ সফলতা লাভ কৰিছে বুলি কব নোৱাৰি।

    ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকি্তসা কৰিবলৈ যোৱাৰ আগতে সজাগ হলে না-না অসুবিধাৰ পৰা হাত-সাৰিব পৰা যায়। এইক্ষেত্ৰত সেউজীয়া শাক-পাচলীৰ প্ৰয়োজনীয়তা অপৰিসীম। বছৰৰ সকলো সময়তে উপলব্ধ নহলেও বিকল্প ৰূপত পাব পাৰি। অসমত সাধাৰনভাৱে নিজে-নিজে বাৰী, পথাৰ আদিৰ চুকে-কুণে বাঢ়ি অহা বিভিন্নধৰনৰ শাক যেনে- মানিমুনি, মাটিকান্দুৰী, ঢেকীয়া, কচু, খুতুৰা, মৰীছা, জিলমিল, ভেদাইলতা আদিৰ ঔষধীয় গুন লেখত লবলগীয়াঅতীজৰে পৰা এইবিলাক শাকে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত প্ৰথমিক চিকি্তসাৰ বাবে  অতীৱ প্ৰয়োজনীয় হৈ আহিছে। মধুমেহ ৰোগৰ ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰে সুফল লাভ কৰা দেখা গৈছে

আগতীয়া সজাগতাই সুস্বাস্হ্যৰ মূল মন্ত্ৰ   

Tuesday, April 26, 2016

মোৰ অনুভৱ ( গল্প )


ফিৰফিৰিয়া বতাহ জাকে দেহাটি ঠাণ্ডা লগাই গল, বহাগ মাহৰ এটি ভৰ বাৰিষাৰ আবেলি কপৌ চৰাইজনীয়ে নতুনকৈ ওলোৱা কুমলীয়া গছৰ পাতৰ ডালত বহি ভাবিছে ছাগৈ – বৰষুণজাক কেতিয়া এৰিব ?  -পিৰিক পাৰাক চকুৰে ইফালে সিফালে চাই থকা চৰাইজনীলৈ চাই মনত বহুবোৰ কথাই দোলা দি আছেতাই বাৰু কলৈ যাব, তাইৰ বাঁহটো নিৰাপদনে? ইত্যাদি ইত্যাদি….

     বহুদিনৰেপৰা ভাৱি থকা এটি কথা আজি অকস্মাত মনত পৰি গ নহয় চৰাইজনীয়ে মনত পেলাই দিলে গল্প লিখাৰ দুৰ্বাৰ হেপাঁহ এটি মনত পুঁহি ৰখা বহুদিনেই হল, কিন্তূ লিখিম বুলি কলম লৈ থমকি ৰবলগীয়া বাৰে বাৰে কিয় মনটো ইমানদিনে নৱজাতকৰ লেখীয়া হৈ থাকিল বাৰু ? লালন পালন, ভৰন-পোষণত কৰবাত খেলিমেলি হৈ থাকিল নেকি? যে আজি পুনৰ কপৌজনীক দেখি মোৰ মনে হাত বাউল দি মাতিবলৈ, কথা পাতিবলৈ উদ্বাউল হৈ উঠিছেনাই তাই আচলতে মোক প্ৰেৰণা যোগাইছে আগবাঢ়িবলৈ দুৰলৈ.... বহু দুৰলৈ......

সেইবাবে ঠিক কৰিলো আজিৰ পৰাই সদায় সময় উলিয়াই অলপ অলপকৈ লিখিবলৈকিন্ত লিখিম কি, এনেদৰে ভাৱি থাকোঁতে কেতিয়ানো আকাশৰ পৰা আন্ধাৰ নামি আহিল গমকে নাপালোখিৰিকীয়েদি চকু ফোঁৰালো, নাই তাই গলগৈ, গছৰ ডালটিয়ে অকলশৰে বতাহত লৰি আছে

(২)

     গাঁওখনৰ অলপ দূৰৈত ঢোলৰ গিৰগিৰনি শুনিবলৈ পালো, মনটোও নাচি উঠিল, ওলালো এপাক চাই আঁহো বুলি ।
: “ৰমেন কোনফালে যাৱ?”  অলপ আঁতৰৰ পৰা কোনোবাই মতা শুনি থমকি ৰঁলো, সোঁফালে ঘূৰি চোৱাত দেখিলো -চুৰীয়াৰ আগ হাতত ধৰি একপ্ৰকাৰ দৌৰিয়েই গণেশ দাইটিয়ে মোৰ ফালে দীঘল পদূলীটোৱেদি আগবাঢ়ি আহিছে

: হুঁচৰি চাঁও বুলি ওলালো দাইটি

: ময়ো তোৰ লগতে যাঁও, তামোলৰ পিত খিনি পেলাই মোৰ লগতে খোজ ললে ।

: বহুদিন হল ভাল হুঁচৰি এযোৰা চাবলৈ পোৱা নাই গাঁৱত । আজিকালি লৰাবোৰেও মন্চ্চলৈহে ঢাপলি মেলে, নে কি কৱ?

: হয় দাইটি, তেখেতৰ কথাত চমু সন্মতি জনালো যদিও ভাৱিলো সঁচাকৈয়ে লৰা ছোৱালীবিলাকে কিয় মন্চ্চমুখী হৈ পৰিছে বাৰু । সৰ্বত্ৰ প্ৰতিযোগিতাই আমাৰ সংস্কৃতিতো প্ৰভাৱ পেলাইছে নেকি ?

: সৌ তাঁহানিৰ দিনত তোৰ দেউতাৰ সতে মিলি আগতে কিমান... যে স্ফূৰ্তি কঁৰো । গোটেই গাঁওখন বিহু মাৰি শেষ নকৰালৈকে নেৰিছিলো ৰাতিপুৱালৈকে গোৱা বিহুত আমাৰ গাত যেন টোপনিৰ লেশমানো ভাৱ নাছিল হুঁচৰিৰ অন্তত ঘৰাঘৰি হঁওতেহে অন্তৰে কান্দি উঠিছিল, আকৌ এবছৰৰ পাছত.... আকৌ লগ বা পামনে নেপাম...
দাইটিৰ কথাবোৰে মোৰ মনটো সেমেকাই তুলিলে দেউতাৰ ঢুকুৱা দুটা বছৰেই পাৰ হল, তেখেতৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰিলে আপোন হোৰুৱাজনেহে উপলব্ধি কৰিব পাৰে উত্সৱত আপোনজনৰ অনুপস্হিতিৰ বেদনা কিমান মনত পৰিল দেউতাই কোৱা কথাবোৰ, এনেহে লাগিল যেন মই দেউতাৰ লগতহে কথা পাতি গৈ আছো

: পিছে তই বিহু মাৰিবলৈ ওলাই অহা নাই নেকি?

: নাই দাইটি মায়ে ঘৰত অকলশৰীয়া অনুভৱ কৰে আৰু তাতে সৰু-সুৰা ইটো-সিটো প্ৰায় হৈয়েই থাকেসেয়ে সোনকালে উভতিব লাগি

 : এৰা, ভালদৰে যত্ন লবি বুইছ, পিছে মাৰৰ এইটো বয়সত ইটো-সিটো হৈয়ে থাকিববিয়াখনকে পাতি নলৱ কিয়? আজিয়েই ছোৱালী চাম বল, পচন্দ হলে কবি

গনেশ দাইটিৰ কথাত অলপ লাজ অনুভৱ হল যদিও ভাল লাগিল হঁওতে তেখেতে ঠিকেই কৈছে, দেউতাৰ মৃত্যুৰ পাছত মাৰ বহুত কস্ট হৈছেবয়স হিচাপে ৬০ বছৰ হলেও তেঁও যেন এগৰাকী ৭০ বছৰীয়া বৃদ্ধা দিনটোজোৰা কৰ্মব্যস্ততাই তেখেতৰ বহুকেইটা বছৰ যেন আঁজুৰি নিলে হঁওতে আমাৰ তিনিজনীয়া সুখী পৰিয়ালেই আছিল, কৃষিকৰ্মই দেউতাৰ জীৱীকাৰ প্ৰধান উতস্ আছিল দুপুৰা খেতিৰ মাটিৰে স্বাৱলম্বী দেউতাই অশেষ কস্টৰে ঘৰখন চলোৱাৰ উপৰিও মোক পঢ়াইছিল -দেউতাৰ কস্ট আৰু ত্যাগৰ যোগেদি ময়ো স্নাতক ডিগ্ৰী লাভ কৰিলো কলা শাখাত দেউতাই ভাৱিছিল লৰাই পঢ়ি-শুনি চাকৰি কৰিব, ঘৰখনৰ দৈনন্দিন অভাৱবোৰ দূৰ হবকিন্তূ তেঁওৰ আশা বাস্তৱলৈ ওলুটি নামাৰিলে, বিদায় মাগিলে আমাক এৰি থৈ

: একো নামাতিলি যে..? কি নো ভাৱি আছ ?  “সকলো ঠিক হব, বেছিকৈ চিন্তা কৰি নাথাকিবি,  মাত্ৰ নিজ কৰ্ম সময়মতে কৰি যাবি

: “, একপ্ৰকাৰৰ পিতৃসুলভ আশ্বাসবাণীত মূৰ দোঁ খাই গল, মনটো ভাল লাগি গল । কলো- দাইটি, এতিয়াই চিন্তা কৰা নাই, প্ৰথমে নিজৰ গতি লগাই লঁও, ঘৰখনো থিক-থাক কৰিব লাগেবহুকেইটা চাকৰিত সাক্ষাতকাৰো দিলো, একো নহল, গতিকে সেইফালে আশা বাদেই দিছো ভাৱিছো দেউতাৰ কৃষিকৰ্মতে মনোযোগ দিম বুলি

: এৰা, কওঁতে তই ঠিকেই কৈছ, অকল চাকৰিৰ ফালে চকু দিলে খেতি কৰিব কোনে ? দাইটিৰো বয়স প্ৰায় ৭০ বছৰ মান হৈছে, কিন্তূ এই বয়সতো তেওঁ তজবজীয়া শিক্ষকতাৰ পৰা অৱসৰ লৈ তেওঁ বৰ্তমান ঘৰতে থাকে, একমাত্ৰ পুতেকো চাকৰীসূত্ৰে চহৰত বিয়া বাৰু কৰাই নিগাজী হল উত্সৱে-পাৰ্বনে ঘৰত ভূমূকি মাৰেহি যদিও আজিকালি প্ৰায়েই নাহে বুলিও কৱ পাৰি বিধাতাৰ কি যে লীলা থাকিও নথকাৰ দৰে

এইদৰে কথাপাতি আগবাঢ়ি যাওঁতে কেতিয়ানো সুচঁৰি দলটোৰ ওচৰ পালোঁগৈ গমকে নাপালো দুয়োৱে কথা পাতি যাওঁতে আমাৰ মন কোনোবা নিৰ্দিস্ট এক স্হানত নিৱদ্ধ হোৱাৰ বাবেই কিজানি ঢোলৰ ছেওঁ, বিহুৱাৰ উঁকি আমাৰ কাণত পৰাই নাছিল গাওঁখনৰ একেবাৰে মূৰৰ মানুহঘৰৰ আহল বহল চোঁতালত বিহুৱা দলটিৰ নামৰ লগতে ঢোলৰ তালে-তালে নাচনীৰ নাচোঁনে এক বুজাৱ নোৱাৰা আনন্দৰে মন পুলকিত কৰি তুলিলে দাইটিয়েও ৰব নোৱাৰি এটা ছেগত নাম এঁফাকি জুৰি দিলে, মইও লগ দিলো আৰু দলটিৰ সদস্য হৈ পৰিলো সকলোৱে বহু আনন্দ কৰিলো আৰু শেষত বিহুজুৰাই গৃহস্হক আশীৰ্বাদ কৰি প্ৰস্হান কৰিবলৈ ওলোৱাত আমিও ঘৰমুৱা হলো

বাটত দুই একৰ মুখত কোৱা কুই শুনিলো যে কাইলৈৰ পৰা পূৰ্বনিৰ্ধাৰিত কাৰ্য্যসূচীমতে গাঁৱৰ বিহুজোৰা মন্ছ তথা অন্য স্হানলৈ ৰাওনা হব, সেয়ে আজি গাঁৱত শেষ বিহু জুৰিলে

: সময়ে যে কেনে পৰিৱৰ্তন আনি দিছে ন, ৰমেন? গাঁৱৰ প্ৰতিখন ঘৰতে পদধূলা পেলাবলৈও আজি সময়ৰ নাটনিগাঁৱৰ আঢ্যৱন্ত মানুহকেইঘৰমানলৈহে বিহুৱাৰ আগমন ঘটে । 

: অ দাইটি, ভাৱিলে আচৰিত লাগে, সময়তো একেই আছে আগতে নাঁটনি নাছিল আজিকালি কিয় হৈছে?” বহুকথা নকলেও বুজিব পাৰি, দাইটিৰ কথা কোৱাৰ ভংগীমা, হুমুনিয়াহ আদিয়ে মোক নোকোৱাকৈয়ে বহু কথা বুজাই দিলে

আকাশৰ বিজুলী এচমকাই আন্ধাৰ আলিটোক ক্ষন্তেক পোহৰাই তুলিলে ।
বৰষুণ দিব এতিয়া, সোনকালে ঘৰলৈ যাগৈ মোক বিদায় দি তেখেতে পদূলিৰ জপনাখন মাৰি ঘৰলৈ বাট ললেময়ো কোবা-কোবিকৈ ঘৰলৈ বুলি খোজ দিলো ঘৰ পায়েই মুখ-হাত ধুই মায়ে বাঢ়ি থোৱা ভাতসাঁজ খাই বিছনাত দীঘল দিলো। ঘোৰ টোপনিয়ে টানি লৈ গল
    
পুৱা শুনকালে সাৰ পালো আৰু বিচনাতে আগদিনাখনৰ কথাবোৰ ৰোমন্হন কৰিব ধৰিলোবাহিৰৰ কিন কিনিয়া বৰষুনজাকে মনটোক এলেহুৱা কৰি তুলিলে

(৩)
     ভবা মতে কামবোৰ কেতিয়াও হৈ নুঠে, ই কেৱল মোৰ ক্ষেত্ৰতে হয় নেকি বাৰু? মানুহৰ ইচ্ছাশক্তি প্ৰৱল হলে কেতিয়াবা ভবা মতেও কাম হব পাৰেআজি দহ দিনমানেই হল, গল্প এটি লিখাৰ কথা ভবা। নাই, মোৰ মতে এনেয়ে লিখিব নোৱাৰি, বিষয়বস্তু পাব লাগিব, বিচাৰিব লাগিব আৰু লাগিব সঠিক সময়সময়ৰ কথা ভাঁবোতে কপৌজনীলৈ মনত পৰিল, হয় তায়েইতো মোক অনুপ্ৰেৰণা যোগাইছিলআকৌ খিৰিকীৰ মুখত বহি লৈ গছৰ ডালটিলৈ লক্ষ্য কৰিলো, নাই কোনো নাই, বাট চাঁলো আবেলিলৈকেঅকস্মাত চৰাইজনী কৰবাৰপৰা উৰি আহিল ডালটোলৈ, সেই একেই ভংগীমা, যেন মোক কব বিচাৰিছে- ৰৈ নাথাকিবা, দৈনিক অলপ অলপ লিখামনতে ভাৱিলো কেনেদৰে চৰাইজনীয়ে প্ৰতিকূল বতৰকো নেওচি সদায় নিজৰ লগতে পোৱালিকেইটালৈও আহাৰ বিচাৰি ফুৰে, সময়মতে উভতিও আহে, কাৰো অনিস্টও নকৰে....মনটো আকৌ ডাঠ হৈ গল, এইবাৰ খাটাং লিখিমেই, বহী এখন সুন্দৰকৈ চিলাই ললো ।
সোণটো বাৰীলৈ যাচোন গৰুকেইটা খেদগৈ, জেউৰা ভাঙি সোমালে হবলা, শাক পাচলি গোটেই শেষ কৰিব এতিয়া- মাৰ চিঞৰত লৰালৰিকৈ এচাৰি এডাল হাতত লৈ বাৰীলৈ লৰ দিলো
     নাই সিমান অনিস্ট কৰিব নোৱাৰিলে, জেউৰাখন ঠিক ঠাক কৰি উভতিলোমাৰ খং উঠিবৰ কথাও ইমান কস্ট কৰাৰ বিনিময়ত বাৰীত শাক পাচলি কেইটা হৈছে তাকো যদি ভালদৰে ৰাখিব নোঁৱাৰো আজিৰ এই চৰা দামৰ দিনত আমাৰ দৰে পৰিয়ালৰ দিনতে আন্ধাৰ নমাৰ দৰে হব

     মনটো আকৌ খেলি-মেলি লাগি গল, কিবা এটা লিখিম বুলি মন বান্ধি লৈছিলোহে, আজিলৈ বাদ দিলোলিখা-মেলা কৰিবলৈ, পঢ়া-শুনা কৰিবলৈ লোৱাৰ দৰে এক পৰিৱেশৰ দৰকাৰ হয় কিন্তূ যিটো সময়ত লিখিবলৈ এক সমল পোৱা যায়, পৰিৱেশ পোৱা নাযায়। মোৰ ক্ষেত্ৰতো এনেকুৱাই ঘটিছে, এনেয়েও আৰু কেইটামানদিনৰ পাছৰে পৰা খেতিতে লাগিবৰ হব, সেয়ে এইকেইদিন এনেয়ে পঠিয়াব নোৱাৰি
    
সন্ধিয়া আকৌ ওলালো আমাৰ গাঁৱৰে তিনিআলিমূৰৰ দোকানখনলৈ বুলি, উদ্দেশ্য আছিল লগৰ লৰাৰ লগত কথা পতাৰ জড়িয়তে বিষয়বস্তুৰ সন্ধান কৰা
: আৰে ৰমেন, দেখা পাবলৈকে নাই- গাঁৱৰে মোৰ সহপাঠী পোনায়ে মাত লগালে
মই মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ দিলো
: “ই আজিকালি বুঢ়া মানুহৰ লগতহে হলি-গলি কৰে- পোনাৰ লগত থকা নিখিলে চিগাৰেটত টান এটা মাৰি কলে
-নহয় ঔ ঘৰত মা অকলশৰীয়া বাবে প্ৰায়ে ঘৰতে ইটো-সিটো কৰি কটাব লগীয়াত পৰিছোতহঁতৰ দৰে ভাগ্য মোৰ কপালত নাহিল
: “বাৰু বাদ দে এইবোৰ, বল পাৰ্টী এটা কৰোঁ, বহুদিন আমি একেলগ হোৱা নাই”- পোনাৰ কথাত অলপ মন গৈছিল যদিও অলপ চিন্তা কৰিলো আৰু কলো- মোৰ দৰকাৰী কাম এটা আছে তহঁতেই যা
মনত সামান্য আপত্তি সত্বেও দুয়ো হাঁহি-হাঁহি দুৰন্ত গতিত বাইকৰ ধুঁৱা উৰুৱাই মোৰ সন্মূখৰ পৰা আতঁৰি গল

দোকানৰ পৰা কলম এটা কিনিলো আৰু ঘৰলৈ বুলি বাট ললোৰাস্তাইদি আহি থাকোঁতে ভাৱিলো – সিহঁতৰ লগত যোৱা হলে হয়তো কিছু নাটকীয় পটভূমি লাভ কৰিলো হয় কিন্তূ ক্ষন্তেকীয়া ৰাগীৰ জালত কোৱা কথাবোৰো বেপেৰুৱা, ওপৰুৱা আৰু প্ৰায়ে অনুমানিক হয়। মনতে ভাৱিলো ঠিকেই কৰিলো, এনেতে গণেশ দাইটিহঁতৰ পদূলিমুখ পাঁওতেই কিয় জানো আজি মনটো তেখেতৰ লগত কথা পাতিবলৈ বৰকৈ মন গল

বাৰাণ্ডাত ঠিয় হৈ মাত লগালো- বোলো দাইটিয়ে ভাত খালেই নিকি?” মোৰ মাত শুনি তেখেতে হাতত তৰ্চ লাইট এটা লৈ ওলাই আহিল

: অ ৰমেন, আহ আহ ভিতৰলৈ আহ, ভালেই কৰিলি বুজিছনে, অকলে অকলে আমি দুয়োৱে কিমাননো কথা পাতি থাকিম, ৰ ভাতকে খাই যাবি, বোলো শুনিছানে ইয়ালৈকো ভাত ৰান্ধা

দাইটিৰ কথাত এনেহে লাগিল যেন মোলৈকেহে বাট চাই আছিল, কলো- নালাগে নালাগে মই এনেয়ে খবৰ এটা কৰি যাবলৈ আহিলো.....

মোৰ কথা শেষ হবলৈ নাপালেই তেওঁ মাজতে মাত লগালে – ৰচোন, ডাঙৰৰ কথা শুনিৱ লাগে আৰু তোক এটা কথা কোৱাই নহল নহয়, আমাৰ বিজয়ে প্ৰমোশ্বন পাই বিদেশলৈ যাব লগা হল, সেইকাৰনেহে সি বিহুত আহিব নোৱাৰিলেএতিয়াতো অহা যোৱা আৰু সেৰেঙা হব, ডাঙৰ কোম্পানী, কাম ডাঙৰ যাবতো লাগিবই, এয়াই ভগৱানৰ নিয়ম এফালে দিলে আনফালে কাঢ়ি নিয়ে

ময়ো কথাত যোগ দি কৈ উঠিলো- গৈছে ভালহে হৈছে, নিজে আয়ত্ত কৰা শিক্ষা কামত খটুৱাব পাৰিছে, ইমান কাৰ্যক্ষম, প্ৰতিভাৱান লৰা এজনক পিতৃস্নেহ-মাতৃস্নেহৰ ডোলেৰে বান্ধি ঘৰত বহুৱাই থলে দেশৰ উন্নতি কিদৰে হব

: তই ঠিকেই কৈছ, প্ৰতিভা সকলোৰে থাকে মাত্ৰ সঠিক সময়ত সঠিক মাধ্যম বিচাৰি নোপোৱাত বহু সম্ভাৱনাপূৰ্ণ জীৱন কলিতে মৰহিবলৈ ধৰেদাইটিৰ কথাষাৰিয়ে অন্তৰত খুন্দিয়াই দিলে, দুৱাৰখনযেন খোল খাই গল, মনত বহুত বল পালো

এটা সময়ত ভিতৰৰ পৰা ভাত খাবলৈ খুড়ীয়ে দুয়োকে মাত লগালেখোৱাৰ কাঁহীত হাত দিয়ো দাইটিয়ে কথা বন্ধ নকৰিলে, যেন বহুতদিনৰ মূৰত কাৰোবাক অন্তৰৰ কথাবিলাক কৈ নিজকে পাতলাব বিচাৰিছেযেনেদৰে ধান এখিনি চালনী এখনত বাকী দিলে লৰচৰ নকৰিলে অলপ সৰকি বাকীবোৰ থুপ খাই পৰে আৰু যদি চালনীখন লৰচৰ কৰি থকা হয় তেতিয়া সকলোখিনি সৰকি পৰেমোৰো নিজকে চালনী লৰাই থকা যেন লাগিছে, সেইবাবে কথা পাতিলে এৰিবকে নিবিচাৰেঅৱশ্যে লাভ মোৰে হয় কাৰন এনে এজন জীৱনৰ অভিজ্ঞতাপূৰ্ণ ব্যক্তিৰ পৰামৰ্শ লাভ কৰাতো মোৰ বাবে পৰম সৌভাগ্যস্বৰুপতেখেতৰ গঠনমূলক দাৰ্শনিক চিন্তাধাৰাই মোক সদায়েই প্ৰভাৱিত কৰি আহিছে ।

     ঘড়ীত ৰাতি দহ বজাৰ সংকেত পোৱাত ঘৰলৈ যাবলৈ অনুমতি বিচাৰিলোআথে-বেথে তেওঁলোক দুয়ো পদূলিমুখলৈকে মোক আগবঢ়ালে আৰু কলে- সদায়েই আহিবিচোন বোপাআন্ধাৰৰাতি পাচলৈ ঘূৰি নোচোৱাকৈয়ে অনুভৱ হল বৰষুণৰ আগজাননীঅশ্ৰুসিক্ত নয়নেৰে বহু দূৰলৈকে দেখিব পাৰি
     ঘৰলৈ আহি কথাবোৰ চিন্তা কৰি কৰি বিছনাত উঠিলো, বাহিৰত হুৰ-হুৰকৈ ধুমুহা বলিবলৈ ধৰিলে, কপৌ চৰাইজনীলৈ বৰকৈ মনত পৰিছে, নিৰাপদে আছেনে তাইৰ বাঁহটো..........
     পুৱা সোনকালে সাৰ পাই উঠিলো আৰু লগে লগে খিৰিকীখন খুলি দিলো.. কিন্তূ এয়া দেখুন কি দেখিলো.... সদায় বহা তাইৰ ডালটো ধুমুহাই ভাঙি পেলালেমনটো বিষাদে আগুৰি ধৰিলে, কপৌজনীলৈ বৰকৈ মনত পৰিছে, তাই বা কত আছে আৰু তাইৰ পোৱালীকেইটা……..?

     পলম নকৰি মুখ হাত ধুই বহীখন আৰু কলম লৈ খিৰিকীৰ ওচৰৰ টেবুলত বহিলো, কপৌজনীৰ অনুপ্ৰেৰণাক অথলে যাবলৈ নিদিঁও বুলি


লক্ষী না বৰবৰুৱা
lakhiaggri@gmail.com