ফিৰফিৰিয়া বতাহ জাকে দেহাটি ঠাণ্ডা লগাই গল, বহাগ
মাহৰ এটি ভৰ বাৰিষাৰ আবেলি কপৌ চৰাইজনীয়ে নতুনকৈ ওলোৱা কুমলীয়া গছৰ পাতৰ ডালত বহি
ভাবিছে ছাগৈ – বৰষুণজাক কেতিয়া এৰিব ? -পিৰিক পাৰাক চকুৰে
ইফালে সিফালে চাই থকা চৰাইজনীলৈ চাই মনত বহুবোৰ কথাই দোলা দি আছে। তাই বাৰু কলৈ যাব, তাইৰ বাঁহটো নিৰাপদনে? ইত্যাদি… ইত্যাদি….।
বহুদিনৰেপৰা ভাৱি থকা এটি
কথা আজি অকস্মাত মনত পৰি গ’ল। নহয় চৰাইজনীয়ে মনত পেলাই দিলে। গল্প লিখাৰ দুৰ্বাৰ হেপাঁহ এটি মনত পুঁহি ৰখা বহুদিনেই হল, কিন্তূ লিখিম বুলি
কলম লৈ থমকি ৰবলগীয়া বাৰে বাৰে। কিয় মনটো ইমানদিনে নৱজাতকৰ লেখীয়া হৈ
থাকিল বাৰু ? লালন পালন, ভৰন-পোষণত কৰবাত
খেলিমেলি হৈ থাকিল নেকি? যে আজি পুনৰ কপৌজনীক দেখি মোৰ মনে হাত বাউল দি মাতিবলৈ, কথা পাতিবলৈ
উদ্বাউল হৈ উঠিছে। নাই তাই আচলতে মোক প্ৰেৰণা যোগাইছে । আগবাঢ়িবলৈ দুৰলৈ.... বহু দুৰলৈ......।
সেইবাবে ঠিক
কৰিলো আজিৰ পৰাই সদায় সময় উলিয়াই অলপ অলপকৈ
লিখিবলৈ। কিন্ত লিখিম কি, এনেদৰে ভাৱি থাকোঁতে কেতিয়ানো আকাশৰ পৰা আন্ধাৰ নামি আহিল গমকে
নাপালো। খিৰিকীয়েদি চকু ফোঁৰালো, নাই তাই গলগৈ, গছৰ ডালটিয়ে অকলশৰে বতাহত লৰি আছে।
(২)
গাঁওখনৰ অলপ দূৰৈত ঢোলৰ
গিৰগিৰনি শুনিবলৈ পালো, মনটোও নাচি উঠিল, ওলালো এপাক চাই আঁহো বুলি ।
: “ৰমেন কোনফালে যাৱ?” অলপ আঁতৰৰ পৰা কোনোবাই মতা শুনি থমকি ৰঁলো, সোঁফালে ঘূৰি চোৱাত
দেখিলো -চুৰীয়াৰ আগ হাতত ধৰি একপ্ৰকাৰ দৌৰিয়েই গণেশ দাইটিয়ে মোৰ ফালে দীঘল
পদূলীটোৱেদি আগবাঢ়ি আহিছে ।
: হুঁচৰি চাঁও বুলি ওলালো দাইটি
: ৰ’ ময়ো তোৰ লগতে যাঁও,
তামোলৰ পিত খিনি পেলাই মোৰ লগতে খোজ ললে ।
: বহুদিন হল ভাল হুঁচৰি এযোৰা চাবলৈ পোৱা নাই গাঁৱত । আজিকালি লৰাবোৰেও
মন্চ্চলৈহে ঢাপলি মেলে, নে কি কৱ?
: হয় দাইটি, তেখেতৰ
কথাত চমু সন্মতি জনালো যদিও ভাৱিলো সঁচাকৈয়ে লৰা ছোৱালীবিলাকে কিয় মন্চ্চমুখী হৈ
পৰিছে বাৰু । সৰ্বত্ৰ প্ৰতিযোগিতাই আমাৰ সংস্কৃতিতো প্ৰভাৱ পেলাইছে নেকি ?
: সৌ তাঁহানিৰ দিনত
তোৰ দেউতাৰ সতে মিলি আগতে কিমান... যে স্ফূৰ্তি কঁৰো । গোটেই গাঁওখন বিহু মাৰি শেষ
নকৰালৈকে নেৰিছিলো । ৰাতিপুৱালৈকে গোৱা
বিহুত আমাৰ গাত যেন টোপনিৰ লেশমানো ভাৱ নাছিল । হুঁচৰিৰ অন্তত ঘৰাঘৰি
হঁওতেহে অন্তৰে কান্দি উঠিছিল, আকৌ এবছৰৰ পাছত.... আকৌ
লগ বা পামনে নেপাম... ।
দাইটিৰ কথাবোৰে মোৰ মনটো সেমেকাই তুলিলে । দেউতাৰ ঢুকুৱা দুটা বছৰেই
পাৰ হল, তেখেতৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰিলে । আপোন হোৰুৱাজনেহে উপলব্ধি
কৰিব পাৰে উত্সৱত আপোনজনৰ অনুপস্হিতিৰ বেদনা
কিমান । মনত পৰিল দেউতাই কোৱা
কথাবোৰ, এনেহে লাগিল যেন মই দেউতাৰ লগতহে কথা পাতি গৈ
আছো ।
: পিছে তই বিহু
মাৰিবলৈ ওলাই অহা নাই নেকি?
: নাই দাইটি মায়ে ঘৰত
অকলশৰীয়া অনুভৱ কৰে আৰু তাতে সৰু-সুৰা ইটো-সিটো প্ৰায় হৈয়েই থাকে। সেয়ে সোনকালে উভতিব লাগিব ।
: এৰা, ভালদৰে যত্ন লবি বুইছ, পিছে মাৰৰ এইটো বয়সত ইটো-সিটো হৈয়ে থাকিব। বিয়াখনকে পাতি নলৱ কিয়? আজিয়েই ছোৱালী চাম
বল, পচন্দ হলে কবি ।
গনেশ দাইটিৰ কথাত অলপ লাজ অনুভৱ হল যদিও ভাল
লাগিল হঁওতে তেখেতে ঠিকেই কৈছে, দেউতাৰ মৃত্যুৰ পাছত মা’ৰ বহুত কস্ট হৈছে। বয়স হিচাপে ৬০ বছৰ হলেও তেঁও যেন এগৰাকী ৭০ বছৰীয়া বৃদ্ধা । দিনটোজোৰা কৰ্মব্যস্ততাই তেখেতৰ বহুকেইটা বছৰ যেন আঁজুৰি নিলে । হঁওতে আমাৰ
তিনিজনীয়া সুখী পৰিয়ালেই আছিল, কৃষিকৰ্মই দেউতাৰ
জীৱীকাৰ প্ৰধান উতস্ আছিল। দুপুৰা খেতিৰ মাটিৰে স্বাৱলম্বী দেউতাই
অশেষ কস্টৰে ঘৰখন চলোৱাৰ উপৰিও মোক পঢ়াইছিল । ম-দেউতাৰ কস্ট আৰু ত্যাগৰ যোগেদি ময়ো স্নাতক ডিগ্ৰী লাভ কৰিলো কলা শাখাত
। দেউতাই ভাৱিছিল লৰাই পঢ়ি-শুনি চাকৰি কৰিব, ঘৰখনৰ দৈনন্দিন অভাৱবোৰ দূৰ হব। কিন্তূ তেঁওৰ আশা
বাস্তৱলৈ ওলুটি নামাৰিলে, বিদায় মাগিলে আমাক এৰি থৈ ।
: একো নামাতিলি যে..? কি নো ভাৱি আছ ? “সকলো ঠিক হব, বেছিকৈ চিন্তা কৰি নাথাকিবি, মাত্ৰ নিজ কৰ্ম সময়মতে কৰি যাবি”
: “অ”, একপ্ৰকাৰৰ
পিতৃসুলভ আশ্বাসবাণীত মূৰ দোঁ খাই গল, মনটো ভাল লাগি গল । কলো- “দাইটি, এতিয়াই
চিন্তা কৰা নাই, প্ৰথমে নিজৰ গতি লগাই লঁও, ঘৰখনো থিক-থাক কৰিব লাগে” । বহুকেইটা চাকৰিত সাক্ষা্তকাৰো দিলো, একো নহল, গতিকে সেইফালে
আশা বাদেই দিছো । ভাৱিছো দেউতাৰ কৃষিকৰ্মতে মনোযোগ দিম বুলি ।
: এৰা, কওঁতে তই ঠিকেই
কৈছ, অকল চাকৰিৰ ফালে চকু দিলে খেতি কৰিব কোনে ? দাইটিৰো বয়স প্ৰায় ৭০ বছৰ মান হৈছে, কিন্তূ এই
বয়সতো তেওঁ তজবজীয়া । শিক্ষকতাৰ পৰা
অৱসৰ লৈ তেওঁ বৰ্তমান ঘৰতে থাকে, একমাত্ৰ পুতেকো
চাকৰীসূত্ৰে চহৰত বিয়া বাৰু কৰাই নিগাজী হল । উত্সৱে-পাৰ্বনে ঘৰত ভূমূকি মাৰেহি যদিও আজিকালি প্ৰায়েই নাহে বুলিও কৱ পাৰি । বিধাতাৰ কি যে লীলা থাকিও নথকাৰ দৰে ।
এইদৰে কথাপাতি আগবাঢ়ি যাওঁতে কেতিয়ানো সুচঁৰি
দলটোৰ ওচৰ পালোঁগৈ গমকে নাপালো । দুয়োৱে কথা পাতি যাওঁতে আমাৰ মন কোনোবা নিৰ্দিস্ট এক স্হানত
নিৱদ্ধ হোৱাৰ বাবেই কিজানি ঢোলৰ ছেওঁ, বিহুৱাৰ উঁকি আমাৰ
কাণত পৰাই নাছিল । গাওঁখনৰ একেবাৰে মূৰৰ মানুহঘৰৰ আহল বহল চোঁতালত বিহুৱা দলটিৰ নামৰ লগতে ঢোলৰ তালে-তালে নাচনীৰ নাচোঁনে
এক বুজাৱ নোৱাৰা আনন্দৰে মন পুলকিত কৰি তুলিলে । দাইটিয়েও ৰব নোৱাৰি এটা
ছেগত নাম এঁফাকি জুৰি দিলে, মইও লগ দিলো আৰু
দলটিৰ সদস্য হৈ পৰিলো । সকলোৱে বহু আনন্দ
কৰিলো আৰু শেষত বিহুজুৰাই গৃহস্হক আশীৰ্বাদ কৰি
প্ৰস্হান কৰিবলৈ ওলোৱাত আমিও ঘৰমুৱা হলো ।
বাটত দুই একৰ মুখত কোৱা কুই শুনিলো যে কাইলৈৰ পৰা পূৰ্বনিৰ্ধাৰিত
কাৰ্য্যসূচীমতে গাঁৱৰ বিহুজোৰা মন্ছ তথা অন্য স্হানলৈ ৰাওনা হব, সেয়ে আজি গাঁৱত
শেষ বিহু জুৰিলে।
: সময়ে যে কেনে পৰিৱৰ্তন
আনি দিছে ন, ৰমেন? গাঁৱৰ প্ৰতিখন ঘৰতে পদধূলা পেলাবলৈও আজি সময়ৰ নাটনি। গাঁৱৰ আঢ্যৱন্ত
মানুহকেইঘৰমানলৈহে বিহুৱাৰ আগমন ঘটে ।
: “অ দাইটি, ভাৱিলে
আচৰিত লাগে, সময়তো একেই আছে আগতে নাঁটনি নাছিল আজিকালি কিয় হৈছে?” বহুকথা নকলেও বুজিব
পাৰি, দাইটিৰ কথা কোৱাৰ ভংগীমা, হুমুনিয়াহ আদিয়ে মোক নোকোৱাকৈয়ে বহু কথা বুজাই
দিলে ।
আকাশৰ বিজুলী এচমকাই আন্ধাৰ আলিটোক ক্ষন্তেক পোহৰাই তুলিলে ।
“বৰষুণ দিব এতিয়া,
সোনকালে ঘৰলৈ যাগৈ” মোক বিদায় দি তেখেতে পদূলিৰ জপনাখন মাৰি ঘৰলৈ বাট ললে। ময়ো কোবা-কোবিকৈ ঘৰলৈ বুলি খোজ দিলো। ঘৰ পায়েই মুখ-হাত ধুই মায়ে বাঢ়ি থোৱা ভাতসাঁজ খাই বিছনাত দীঘল দিলো।
ঘোৰ টোপনিয়ে টানি লৈ গল।
পুৱা শুনকালে সাৰ পালো আৰু বিচনাতে আগদিনাখনৰ
কথাবোৰ ৰোমন্হন কৰিব ধৰিলো। বাহিৰৰ কিন কিনিয়া বৰষুনজাকে মনটোক এলেহুৱা কৰি তুলিলে।
(৩)
ভবা মতে কামবোৰ কেতিয়াও হৈ
নুঠে, ই কেৱল মোৰ ক্ষেত্ৰতে হয় নেকি বাৰু? মানুহৰ ইচ্ছাশক্তি প্ৰৱল হলে কেতিয়াবা ভবা মতেও কাম হব পাৰে। আজি দহ দিনমানেই হল, গল্প এটি লিখাৰ কথা ভবা। নাই, মোৰ মতে এনেয়ে লিখিব নোৱাৰি,
বিষয়বস্তু পাব লাগিব, বিচাৰিব লাগিব আৰু লাগিব সঠিক সময়। সময়ৰ কথা ভাঁবোতে
কপৌজনীলৈ মনত পৰিল, হয় তায়েইতো মোক অনুপ্ৰেৰণা যোগাইছিল। আকৌ খিৰিকীৰ মুখত বহি লৈ
গছৰ ডালটিলৈ লক্ষ্য কৰিলো, নাই কোনো নাই, বাট চাঁলো আবেলিলৈকে। অকস্মাত চৰাইজনী কৰবাৰপৰা
উৰি আহিল ডালটোলৈ, সেই একেই ভংগীমা, যেন মোক কব বিচাৰিছে- ”ৰৈ নাথাকিবা, দৈনিক
অলপ অলপ লিখা”। মনতে ভাৱিলো কেনেদৰে চৰাইজনীয়ে প্ৰতিকূল বতৰকো নেওচি সদায় নিজৰ লগতে
পোৱালিকেইটালৈও আহাৰ বিচাৰি ফুৰে, সময়মতে উভতিও আহে, কাৰো অনিস্টও নকৰে....। মনটো আকৌ ডাঠ হৈ গল, এইবাৰ খাটাং লিখিমেই, বহী এখন সুন্দৰকৈ চিলাই ললো ।
”সোণটো বাৰীলৈ যাচোন
গৰুকেইটা খেদগৈ, জেউৰা ভাঙি সোমালে হবলা, শাক পাচলি গোটেই শেষ কৰিব এতিয়া”- মাৰ চিঞৰত
লৰালৰিকৈ এচাৰি এডাল হাতত লৈ বাৰীলৈ লৰ দিলো।
নাই সিমান অনিস্ট কৰিব
নোৱাৰিলে, জেউৰাখন ঠিক ঠাক কৰি উভতিলো। মাৰ খং উঠিবৰ কথাও ইমান কস্ট কৰাৰ বিনিময়ত বাৰীত শাক পাচলি
কেইটা হৈছে তাকো যদি ভালদৰে ৰাখিব নোঁৱাৰো আজিৰ এই চৰা দামৰ
দিনত আমাৰ দৰে পৰিয়ালৰ দিনতে আন্ধাৰ নমাৰ দৰে হব।
মনটো আকৌ খেলি-মেলি লাগি
গল, কিবা এটা লিখিম বুলি মন বান্ধি লৈছিলোহে, আজিলৈ বাদ দিলো। লিখা-মেলা কৰিবলৈ, পঢ়া-শুনা কৰিবলৈ লোৱাৰ দৰে এক পৰিৱেশৰ দৰকাৰ হয় কিন্তূ
যিটো সময়ত লিখিবলৈ এক সমল পোৱা যায়, পৰিৱেশ পোৱা নাযায়। মোৰ ক্ষেত্ৰতো এনেকুৱাই
ঘটিছে, এনেয়েও আৰু কেইটামানদিনৰ পাছৰে পৰা খেতিতে লাগিবৰ হব, সেয়ে এইকেইদিন এনেয়ে
পঠিয়াব নোৱাৰি।
সন্ধিয়া আকৌ ওলালো আমাৰ গাঁৱৰে তিনিআলিমূৰৰ দোকানখনলৈ বুলি, উদ্দেশ্য
আছিল লগৰ লৰাৰ লগত কথা পতাৰ জড়িয়তে বিষয়বস্তুৰ সন্ধান কৰা।
: আৰে ৰমেন, দেখা
পাবলৈকে নাই- গাঁৱৰে মোৰ সহপাঠী পোনায়ে মাত লগালে
মই মিচিকিয়া হাঁহিৰে প্ৰত্যুত্তৰ দিলো।
: “ই আজিকালি বুঢ়া
মানুহৰ লগতহে হলি-গলি কৰে”- পোনাৰ লগত থকা নিখিলে চিগাৰেটত টান এটা মাৰি কলে।
-নহয় ঔ ঘৰত মা অকলশৰীয়া বাবে প্ৰায়ে ঘৰতে ইটো-সিটো কৰি কটাব লগীয়াত পৰিছো। তহঁতৰ দৰে ভাগ্য মোৰ কপালত নাহিল।
: “বাৰু বাদ দে এইবোৰ,
বল পাৰ্টী এটা কৰোঁ, বহুদিন আমি একেলগ হোৱা নাই”- পোনাৰ কথাত অলপ মন গৈছিল যদিও অলপ চিন্তা কৰিলো
আৰু কলো- মোৰ দৰকাৰী কাম এটা আছে তহঁতেই যা।
মনত সামান্য আপত্তি সত্বেও দুয়ো হাঁহি-হাঁহি দুৰন্ত গতিত বাইকৰ ধুঁৱা উৰুৱাই
মোৰ সন্মূখৰ পৰা আতঁৰি গল।
দোকানৰ পৰা কলম এটা কিনিলো আৰু ঘৰলৈ বুলি বাট ললো। ৰাস্তাইদি আহি থাকোঁতে
ভাৱিলো – সিহঁতৰ লগত যোৱা হলে হয়তো কিছু নাটকীয় পটভূমি
লাভ কৰিলো হয় কিন্তূ ক্ষন্তেকীয়া ৰাগীৰ জালত কোৱা কথাবোৰো বেপেৰুৱা, ওপৰুৱা আৰু
প্ৰায়ে অনুমানিক হয়। মনতে ভাৱিলো ঠিকেই কৰিলো, এনেতে গণেশ দাইটিহঁতৰ পদূলিমুখ
পাঁওতেই কিয় জানো আজি মনটো তেখেতৰ লগত কথা পাতিবলৈ বৰকৈ মন গল।
বাৰাণ্ডাত ঠিয় হৈ মাত লগালো- “বোলো দাইটিয়ে ভাত খালেই নিকি?” মোৰ মাত শুনি তেখেতে হাতত তৰ্চ লাইট এটা লৈ ওলাই আহিল।
: অ ৰমেন, আহ আহ
ভিতৰলৈ আহ, ভালেই কৰিলি বুজিছনে, অকলে অকলে আমি দুয়োৱে কিমাননো কথা পাতি থাকিম, ৰ
ভাতকে খাই যাবি, বোলো শুনিছানে ইয়ালৈকো ভাত ৰান্ধা।
দাইটিৰ কথাত এনেহে লাগিল যেন মোলৈকেহে বাট চাই আছিল, কলো- “নালাগে নালাগে মই
এনেয়ে খবৰ এটা কৰি যাবলৈ আহিলো.....”
মোৰ কথা শেষ হবলৈ নাপালেই তেওঁ মাজতে মাত লগালে – “ৰচোন, ডাঙৰৰ কথা
শুনিৱ লাগে আৰু তোক এটা কথা কোৱাই নহল নহয়, আমাৰ বিজয়ে প্ৰমোশ্বন পাই বিদেশলৈ যাব
লগা হল, সেইকাৰনেহে সি বিহুত আহিব নোৱাৰিলে। এতিয়াতো অহা যোৱা আৰু সেৰেঙা হব, ডাঙৰ কোম্পানী, কাম ডাঙৰ যাবতো লাগিবই, এয়াই ভগৱানৰ নিয়ম এফালে
দিলে আনফালে কাঢ়ি নিয়ে।
ময়ো কথাত যোগ দি কৈ উঠিলো- “গৈছে ভালহে হৈছে, নিজে আয়ত্ত কৰা শিক্ষা কামত খটুৱাব পাৰিছে, ইমান
কাৰ্যক্ষম, প্ৰতিভাৱান লৰা এজনক পিতৃস্নেহ-মাতৃস্নেহৰ ডোলেৰে বান্ধি ঘৰত বহুৱাই
থলে দেশৰ উন্নতি কিদৰে হব।
: তই ঠিকেই কৈছ,
প্ৰতিভা সকলোৰে থাকে মাত্ৰ সঠিক সময়ত সঠিক মাধ্যম বিচাৰি নোপোৱাত বহু সম্ভাৱনাপূৰ্ণ
জীৱন কলিতে মৰহিবলৈ ধৰে। দাইটিৰ কথাষাৰিয়ে
অন্তৰত খুন্দিয়াই দিলে, দুৱাৰখনযেন খোল খাই গল, মনত বহুত বল
পালো।
এটা সময়ত ভিতৰৰ পৰা ভাত খাবলৈ খুড়ীয়ে দুয়োকে মাত লগালে। খোৱাৰ কাঁহীত হাত দিয়ো
দাইটিয়ে কথা বন্ধ নকৰিলে, যেন বহুতদিনৰ মূৰত কাৰোবাক অন্তৰৰ কথাবিলাক
কৈ নিজকে পাতলাব বিচাৰিছে। যেনেদৰে ধান এখিনি চালনী এখনত বাকী দিলে লৰচৰ নকৰিলে অলপ
সৰকি বাকীবোৰ থুপ খাই পৰে আৰু যদি চালনীখন লৰচৰ কৰি থকা হয় তেতিয়া সকলোখিনি সৰকি পৰে। মোৰো নিজকে চালনী লৰাই
থকা যেন লাগিছে, সেইবাবে কথা পাতিলে এৰিবকে নিবিচাৰে। অৱশ্যে লাভ মোৰে হয় কাৰন
এনে এজন জীৱনৰ অভিজ্ঞতাপূৰ্ণ ব্যক্তিৰ পৰামৰ্শ লাভ কৰাতো মোৰ বাবে পৰম সৌভাগ্যস্বৰুপ। তেখেতৰ গঠনমূলক দাৰ্শনিক
চিন্তাধাৰাই মোক সদায়েই প্ৰভাৱিত কৰি আহিছে ।
ঘড়ীত ৰাতি দহ বজাৰ সংকেত
পোৱাত ঘৰলৈ যাবলৈ অনুমতি বিচাৰিলো। আথে-বেথে তেওঁলোক দুয়ো
পদূলিমুখলৈকে মোক আগবঢ়ালে আৰু কলে- সদায়েই আহিবিচোন বোপা। আন্ধাৰৰাতি পাচলৈ ঘূৰি
নোচোৱাকৈয়ে অনুভৱ হল বৰষুণৰ আগজাননী। অশ্ৰুসিক্ত নয়নেৰে বহু দূৰলৈকে দেখিব পাৰি।
ঘৰলৈ আহি কথাবোৰ চিন্তা
কৰি কৰি বিছনাত উঠিলো, বাহিৰত হুৰ-হুৰকৈ ধুমুহা বলিবলৈ ধৰিলে, কপৌ চৰাইজনীলৈ বৰকৈ
মনত পৰিছে, নিৰাপদে আছেনে তাইৰ বাঁহটো..........।
পুৱা সোনকালে সাৰ পাই
উঠিলো আৰু লগে লগে খিৰিকীখন খুলি দিলো.. কিন্তূ এয়া দেখুন কি দেখিলো.... সদায় বহা
তাইৰ ডালটো ধুমুহাই ভাঙি পেলালে। মনটো বিষাদে আগুৰি ধৰিলে, কপৌজনীলৈ বৰকৈ মনত পৰিছে, তাই বা কত আছে আৰু তাইৰ পোৱালীকেইটা……..?
পলম নকৰি মুখ হাত ধুই
বহীখন আৰু কলম লৈ খিৰিকীৰ ওচৰৰ টেবুলত বহিলো, কপৌজনীৰ অনুপ্ৰেৰণাক অথলে যাবলৈ
নিদিঁও বুলি।
লক্ষী নাথ বৰবৰুৱা
lakhiaggri@gmail.com
No comments:
Post a Comment