মোক যদি সোধা,
ধৰাৰ আটাইতকৈ ধুনীয়া নামটো কি
মই কম- ‘মা’....
মোৰ মুখৰ ‘প্ৰথম’ শব্দ
তুমি...
দুচকুৱে বিচৰা ‘প্ৰথম’ দৃস্টি তুমি...
মোৰ হৃদয়ৰ প্ৰতিটো কম্পন তুমি...
অন্তৰে বিচৰা মৰম তুমি…
মোৰ জীৱনৰ আশাৰ সাগৰ তুমি...
তুমিয়েই মোৰ জীৱন
‘মা’ এটি শব্দ
মাঁথো, কিন্তু তাৰ অৰ্থ কিমান বিশাল, পৰিধি কিমান বহল
বুজাবলৈ শব্দৰে নাটনি হয় । পৃথিৱীৰ বুকুত জন্ম লভা প্ৰতিবিধ জীৱৰে মাতৃৰ সংজ্ঞা নিজা ধৰণে বেলেগ-বেলেগ হব । প্ৰত্যেকৰেই নিজা দৃস্টিত মা
অতুলনীয়, অনন্যা, এক-কথাত জগতৰ আটাইতকৈ ভালপোৱা, ভগৱানৰ বৰদানস্বৰুপ ।
বিভিন্ন পৰিৱেশ-পৰিস্হিতিৰ
মাজত জীয়াই থাকিও সততে হাৰ মানিবলৈ নিবিচৰা, দুখ-যাণ্ত্ৰনাৰ ছবিখনি হাঁহি নামৰ
চাদৰখনে ঢাকি আমাক সুৰক্ষিত কৰি ৰখা মা তুমি অনন্যা । বয়স বাঢ়ি অহাৰ লগে-লগে মোৰ
জীৱনৰ প্ৰতিটো ক্ষণতেইচোন তোমাৰ উপস্হিতিৰ উমান পাঁও । আজি “মাতৃ দিৱসৰ” ৰ দিনাখন
তোমালৈ বেছিকৈ মনত পৰিছে, তোমাৰ ছবিখনি বাৰে-বাৰে ভাহি আহিছে মনলৈ... । আকাশলৈ চাইছো কিজানিবা তোমাক দেখা পাঁওৱেই ।
তুমি মোৰ তৃতীয় নয়ন আছিলা,
মোৰ দুচকুৱে দেখি নোপোৱাবোৰ তুমিয়েই দেখুৱাইছিলা, সতৰ্কও কৰিছিলা ভালৰ কাৰনে । তোমাক হেৰুৱাই
আজি ৮ (আঠ) বছৰে মই কণাৰ দৰে হৈছো কাৰণ তুমি
যে কাষত নাই । তথাপিও তুমি দি থৈ যোৱা পোহৰে আন্ধাৰ বাটতো কিছু দেখা পাওঁ । মনতে ভাঁবো সৌভাগ্যৱান সেইসকল যিয়ে দীৰ্ঘদিন মাকক
কাষতে পাইছে ।
বিষাদে আৱৰি ধৰে যেতিয়া মনত পৰে- তুমিতো গোটেই
জীৱনটোকে আমাৰ বাবে ত্যাগ কৰিলা তাৰ বিনিময়ত আমাৰ পৰা একো নিবিচাৰিলা । জানো- “মাতৃ ঋণ কেতিয়াও শুজিব নোৱাৰি”, তথাপি তুমি দেখুৱাই যোৱা চানেকীৰে আমাৰ পাচৰ
প্ৰজন্মক প্ৰতিপালন কৰি অন্তৰত তোমাক জীয়াই ৰাখিবলৈ চেস্টা কৰি আছো । কাৰণ তোমাক
অনুকৰন কৰোঁতে তুমি মোৰ কাষতে থকা যেন লাগে আৰু নাতিনীয়েককো মোৰ যোগেদি তাইৰ আইতাকৰ
কাল্পনিক চেহেৰা অনুধাৱন কৰাবলৈ প্ৰয়াস কৰোঁ, ফলত কিজানিবা তুমি সুখী হোৱাই! মনত
আছে তুমি শেষবাৰ লগ পাওঁতে কোৱা কথাষাৰি “তহঁত
সুখত থাকিলেই মই সুখ পাম” সেইবাবে বাস্তৱ জীৱনৰ বহু দুখ-বেজাৰ পাহৰি সুখত
থাকিবলৈ বিচাঁৰো, তুমি কোৱা কথাবোৰ পালন কৰিবলৈ প্ৰয়াস কৰোঁ, গধূলীৰ আকাশত তোমাৰ
হাঁহি থকা মুখখন চাবলৈ বিচাঁৰো সদায়েই... ।
লক্ষী নাথ বৰবৰুৱা
০৮/০৫/২০১৬
No comments:
Post a Comment