Wednesday, April 27, 2016

(স্বাস্হ্য আলোচনা) মধুমেহ ৰোগ আৰু সজাগতা :

    

    বৰ্তমান সময়ত মধুমেহ ৰোগে ভয়ংকৰ ৰুপে বিস্তাৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৰিসংখ্যা মতে বিশ্বৰ প্ৰায় প্ৰতি ৫ জন ৰোগীৰ মাজৰ ১ জন ভাৰতীয়। এই ৰোগবিধ বিয়পিবৰ বাবে বহুতো কাৰন থাকিব পাৰে। এই লেখাত বিভিন্ন উ্তসৰ পৰা লাভ কৰা তথ্যৰ ওপৰত আধাৰ কৰি সজাগতা সৃস্টিৰ  বাবে প্ৰয়াস কৰা হৈছে।

    সাধাৰণতে মধুমেহ (Diabetes)দুই প্ৰকাৰৰ,  টাইপ ১ আৰু টাইপ ২

টাইপ ১:
এইবিধ ৰোগত অগ্নাশয়ে (Pancreas) পৰ্যাপ্ত পৰিমানৰ ইনছুলিন উ্তপন্ন কৰিব নোৱাৰে। ইনছুলিন মানৱ দেহৰ এনে এবিধ হৰমন যিয়ে কোষবোৰক গ্লুকজ শোষণ কৰি ইন্ধন যোগোৱাত সহায় কৰে। দু্ৰ্ভাগ্যবশত টাইপ ১ বংশানুক্ৰমিক আৰু ই জীৱনৰ কম বয়সৰ পৰাই আৰম্ভ হব পাৰে আৰু ইয়াক প্ৰতিৰোধ কৰিব পৰা নাযায় ।

টাইপ ২:
অন্যহাতে এইবিধ ৰোগ বংশানুক্ৰমিক নহয়। ইয়াত কোষবোৰ ইনছুলিন প্ৰতিৰোধী হৈ পৰে অৰ্থাত ইনছুলিন প্ৰৱেশত বাধা দিয়ে, ফলত কোষবোৰত গ্লুকজৰ পৰিমাণ বৃদ্ধি হৈ গৈ থাকে আৰু ইয়াৰ মাত্ৰাধিক পৰিমাণে কোষৰ স্বাভাৱিক কাম-কাজত বাধাৰ সৃস্টি কৰে আৰু তেজৰ যোগেদি শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৱাহিত হৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ কাম কাজত বাধাৰ সৃস্টি কৰি বিকল কৰাৰ চেস্টা চলায়। ইয়াৰ দ্বাৰা ৰক্ত ধমনী, হৃদয়, স্নায়ু, চকু, বৃক্ক আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।

    মনকৰিবলগীয়া যে, কোষসমূহ হঠা্ত ইনছুলিন প্ৰতিৰোধী কিয় হৈ পৰে, এই বিষয়ে এতিয়াও সম্পূৰ্ণৰূপে বুজিব পৰা হোৱা নাই। তথাপি অতিৰিক্ত ওজন, শাৰিৰীক নিস্ক্ৰিয়তা আদিক অনুৰূপ কাৰণ হিচাবে চিহ্নিত কৰা হৈছে। যিহেতু মেদবহুলতাৰ লগত টাইপ ২ ৰোগবিধৰ সম্বন্ধ আছে  সেয়েসে মাংশপেশীযুক্ত কোষসমূহৰ তুলনাত চৰ্বীযুক্ত কোষসমূহৰ ইনছুলিনক প্ৰতিৰোধ কৰিব পৰা শক্তিশালী প্ৰতিপক্ষ হিচাবে দেখা দিয়াৰ সম্ভাৱনা অধিক হয়।

খাদ্যাভ্যাস:  এই বিষয়ত প্ৰতিকাৰৰ উপায় সম্বন্ধে বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলি আছে। আমেৰিকান ডায়েবেটিছ এচছিয়েচনৰ সভাপতি ড: বাৰ্গেনস্টল (MD, Medicine and Science ) ৰ মতে খাদ্য সাৱধানতা  তথা সজাগতাই টাইপ ২ ৰোগৰ প্ৰতিকাৰৰ উত্তম উপায়। তেওঁৰ মতে দীৰ্ঘম্যাদী অতিৰিক্ত ওজনে লাহে লাহে অগ্নাশয়ৰ কাৰ্যক্ষমতা হ্ৰাস কৰে আৰু এনেক্ষেত্ৰত কেৱল ইনছুলিনৰ প্ৰতিৰোধেই নহয় ইনছুলিন হীনতাতো ভূগিব পাৰে আৰু ইয়ে তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক ৰখাত কঠিন হৈ পৰে

    এনে স্হিতিৰ পৰা হাত হাৰিবৰ বাবে বাৰ্গেন্স্টলে দৈনিক ব্যয়াম আৰু আহাৰৰ সংযোজন ঘটাই ৫০০ কেলৰি শক্তি ক্ষয় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।আমি আমাৰ খাদ্য তালিকাৰ সংশোধন ঘটাব লাগিব। অত্যাধিক কাৰ্বহাইড্ৰেটযুক্ত আহাৰ আৰু চেনীযুক্ত আহাৰ বৰ্জন কৰি চলিব লাগে। ফলমূল আৰু দুগ্ধজাত সামগ্ৰীক খাদ্যৰ তালিকাত আগস্হান দিয়া উচিত আৰু লগতে ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে। কাৰণ ফাইবাৰে গ্লুকজৰ বৃদ্ধিত অৰিহণা কমাই আনে আৰু  পেশীবিলাকত ইনছুলিনৰ সংবেদনশীলতা বঢ়াই তোলে।

    বাস্তৱক্ষেত্ৰত দেখা যায় যে আমি বহুতেই স্বাস্হ্যৰ প্ৰতি সজাগ নহঁও, আৰু চিকিত্সক-চিকিত্সালয়ৰ ওপৰতে সদা নিৰ্ভৰশীল হঁও। ৰোগত আক্ৰান্ত হলে চিকিত্সাৰ গত্যন্তৰ নাথাকে কিন্তু যদি আগতীয়াকৈ অলপ সাৱধানতা অৱলম্বন কৰি চলো তেন্তে বহুলাংক্ষে ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰি।

    আগৰ দিনত মানুহবিলাকৰ বেমাৰ-আজাৰ কমকৈ হৈছিল, চিকি্তসকো আঙুলিৰ মূৰত লেখিব পৰা কেইজনমানহে আছিল। তেতিয়াৰ দিনৰ কথা বেলেগ আছিল বুলি আজি সততে লোকে কয়। প্ৰচুৰ পৰিমাণৰ ফলমূল, উভৈনদী শাক-পাচলীৰে ভৰা বাৰী, কৃষিকাৰ্য্যত জৈৱিক সাৰৰ ব্যৱহাৰে খাদ্য-সম্ভাৰত মানুহৰ আগোচৰে শৰীৰৰ লাগতীয়াল সকলো (তত্ব)ৰে যোগান ধৰিছিল আৰু ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী হৈ আছিল। সেইবাবেই থোৰতে সকলোৰে মুখে-মুখে প্ৰচলিত আছিল যে- বতৰৰ ফল বতৰতে খাৱ লাগেঅমুকতো কৰিব নাপায়, তমুকতো কৰিব নাপায় আদি বিধি-বিধান বিলাকেও মানুহবিলাকক নিয়ম নীতিৰ মাজেৰে শৃংখলিত ভাৱে সুস্হিৰ জীৱন যাপন কৰাত অৰিহণা যোগাইছিল।

    সময়ৰ লগে-লগে সকলোফালে পৰিৱৰ্তনে আগুৰি ধৰিছে, জনসংখ্যা বৃদ্ধিয়ে এফালৰপৰা স্বাস্হ্য, খাদ্য, সমাজ, সকলোৰে ওপৰতে প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। কাৰণ প্ৰতিটোৰে ইটোৰ লগত আনটোৰ সম্পৰ্ক আছে যেনে খাদ্য, স্বাস্হ্য, প্ৰতিযোগিতা, শিক্ষা, সমাজ সকলো ওতপ্ৰোতভাৱে জড়িত। ভালদৰে মন কৰিলে দেখা যায় যে বংশগত, দুৰ্ঘটনাবশত আদি কিছুমান কাৰক বাদ দি যদি গড়ে প্ৰতি সকলোৱে প্ৰয়োজনীয় সুষম আহাৰ লাভ কৰে তেন্তে স্বাস্হ্যখণ্ডৰ অভাৱনীয়  পৰিৱৰ্তন হব। আমি যিহেতু জানোৱেই যে এটি সুস্হ শৰীৰত এটি সুস্হ মনে বাস কৰে আৰু এনে মনৰ বাসিন্দাই এখন সুন্দৰ সমাজক প্ৰতিনিধিত্ব কৰে, ফলত সকলো আনন্দ মনেৰে জীৱন অতিবাহিত কৰিব পাৰে।

    আজিৰ যান্ত্ৰিক যুগত সকলোৰে পক্ষে সকলোবিধ খাদ্য বিচাৰি ফুৰাৰ সময় নাথাকে, গতিকে বিকল্পৰ সন্ধান কৰে। যিহেতু আজিকালি বিভিন্ন প্ৰকাশ মাধ্যম, বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুস্হান-প্ৰতিস্হান, কোম্পেনী আদিয়ে সজাগতা বৃদ্ধিৰ প্ৰচেস্টা চলাই আছে, তথাপিতো সম্পূৰ্ণ সফলতা লাভ কৰিছে বুলি কব নোৱাৰি।

    ৰোগত আক্ৰান্ত হোৱাৰ পাছত চিকি্তসা কৰিবলৈ যোৱাৰ আগতে সজাগ হলে না-না অসুবিধাৰ পৰা হাত-সাৰিব পৰা যায়। এইক্ষেত্ৰত সেউজীয়া শাক-পাচলীৰ প্ৰয়োজনীয়তা অপৰিসীম। বছৰৰ সকলো সময়তে উপলব্ধ নহলেও বিকল্প ৰূপত পাব পাৰি। অসমত সাধাৰনভাৱে নিজে-নিজে বাৰী, পথাৰ আদিৰ চুকে-কুণে বাঢ়ি অহা বিভিন্নধৰনৰ শাক যেনে- মানিমুনি, মাটিকান্দুৰী, ঢেকীয়া, কচু, খুতুৰা, মৰীছা, জিলমিল, ভেদাইলতা আদিৰ ঔষধীয় গুন লেখত লবলগীয়াঅতীজৰে পৰা এইবিলাক শাকে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত প্ৰথমিক চিকি্তসাৰ বাবে  অতীৱ প্ৰয়োজনীয় হৈ আহিছে। মধুমেহ ৰোগৰ ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰে সুফল লাভ কৰা দেখা গৈছে

আগতীয়া সজাগতাই সুস্বাস্হ্যৰ মূল মন্ত্ৰ   

No comments:

Post a Comment