Friday, June 17, 2016

ফেচবুক আৰু আমাৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

আজিৰ ব্যস্ততাময় জীৱনত চচিয়েল মিডিয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। দিনটোৰ অধিকাংশ সময় কৰ্মব্যস্ততাৰ মাজত ডুব খাই থকাৰ পাছত এটা সময়ত বন্ধুবৰ্গৰ সংগৰ প্ৰয়োজন সকলোৰে হয়, অলপ মানসিক শান্তিৰ বাবে। মানুহ সমাজ প্ৰিয় জীৱ, ভাৱৰ আদান-প্ৰদান কৰি ভাল পায়। কিন্তু বিচৰা সময়ত বন্ধু কাষত নোপোৱাৰ বাবে বিকল্পৰ সন্ধান কৰে। চচিয়েল মিডিয়াই সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহিছে। এইক্ষেত্ৰত ইন্টাৰনেট জগতত চচিয়েল মিডিয়াৰ স্ৰস্টাকেইজনে অনন্য সৃস্টিৰে সমাজৰ বাবে এক অনবদ্য অৱদান আগবঢ়ালে আৰু ইতিহাসৰ পাতত নিজৰ নাম সোণোৱালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সফল হল বুলি কব লাগিব

     সকলো বস্তুৰে ভাল-বেয়া গুণ থকাৰ দৰে চচিয়েল মিডিয়ায়ো ইয়াৰ পৰা বাদ নপৰেএই মাধ্যমৰ যোগেদি বহুতো ব্যক্তিক নিজ প্ৰতিভা তথা সৃস্টিশীল ৰচনাৰ যোগেদি নিজকে উজ্জ্বলৰুপত তুলি ধৰিবলৈ সক্ষম হোৱা দেখা গৈছে। বহুতে নজনা কথা জানিবলৈ সক্ষম হৈছে। এক অৰ্থত তেওঁলোকে ইয়াৰ সদব্যৱহাৰ কৰিছে। এইফালৰ পৰা এই মাধ্যমে সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ ঊল্লেখ নিস্প্ৰয়োজন বুলি ভাবো, প্ৰায় সকলোৱেই এই বিষয়ে জ্ঞাত। আনহাতে মিডিয়া বহুতো থাকিলেও সকলোৰে একাউন্ট পৰিচালনা কৰাৰ সময় নোহোৱাৰ বাবে যিকোনো এটা বা দুটা মাধ্যম বাচি লয়। উদাহৰণস্বৰুপে আজিৰ দিনত ফেচবুকৰ জনপ্ৰিয়তা অপৰিসীম আৰু গতি অপ্ৰতিৰোধ্য হিচাবে বিবেচিত হৈছে। কম বয়সীয়া লৰা-ছোৱালীৰ পৰা আদি কৰি বয়োজ্যেস্হলৈকে প্ৰযুক্তিগত জ্ঞান থকা প্ৰায় সকলোৰে একোটাকৈ একাউণ্ট আছে বুলি কব পাৰি।

     আমাৰ সমাজ জীৱনত আমি অতীতত কৰি অহা কৰ্মৰাজি আমাৰ সম্পৰ্কীয়, বন্ধুবৰ্গ তথা চিনাকী মানুহবিলাকৰ মাজতে সীমাবদ্ধ আছিল কিন্তু ফেচবুকত একাউণ্ট খোলাৰ দিনাৰে পৰা আমাৰ ফেচবুকৰ সমস্ত কৰ্মৰাজি সংৰক্ষণ হৈ থাকে। অফলাইন জীৱনত কৰি অহা কিছুমান কাৰ্য্য সময়ৰ কোবাল সোতঁত উটি যায়, স্মৃতিৰ মণিকোঠাৰ পৰা হেৰাই যায়, কিন্তু ফেচবুকে আপুনি পাহৰিলেও সুৱৰাঁই দিব সময়ে সময়ে, যেন প্ৰকৃতাৰ্থত আমাৰ একোজন অবৈতনিক সহায়কহেএই মাধ্যমত আমাৰ অলক্ষিতে আমাৰ এক ভাৱমূৰ্তি তৈয়াৰ হৈ থাকে জনমানসত, সেয়েহে অফলাইন জীৱনৰ দৰে অনলাইনতো শৃংখলাবদ্ধতাৰে একাউণ্ট পৰিচালনাৰ দৰকাৰ

     এইখিনিতে উল্লেখৰ প্ৰয়োজন যে যিহেতু সমাজত আমি নীতি-নিয়ম শৃংখলাৰ মাজেৰে জীৱন অতিবাহিত কৰোঁ। অপ্ৰয়োজনীয় কথাৰ যোগেদি আনে কস্ট পাব বুলি ভাৱি কোৱাৰ পৰা বিৰত থাকোঁ। ঠিক সেইদৰে অনলাইন মাধ্যমত সততে যিকোনো বিষয়ত সম্যক জ্ঞান নথকাকৈয়ে মন্তব্য কৰা দেখা যায়। ইয়াৰ দ্বাৰা কোনো উপকৃত নহয় বৰং নিজৰ পৰিচয়হে ফুটি উঠে। বিতৰ্কিত মন্তব্য আগবঢ়োৱা ব্যক্তিৰ সেইদৰে ফেচবুকৰ একাউণ্ট প্ৰফাইল প্ৰত্যক্ষ কৰিলেই তেখেতৰ বিষয়ে এক ধাৰণা কৰিব পাৰি তেওঁ কেনেকুৱা ধৰণৰ যিহেতু অফলাইন’ (গতানুগতিক) জীৱনত আমি মুখামুখি ভাৱে কথা পাতোঁ সেয়ে আমি কথা কোৱাৰ ধৰণ, অংগী-ভংগী, পৰিস্হিতি, মুখাবয়ব, বয়স আদিৰ প্ৰতি দৃস্টি ৰাখি প্ৰতিক্ৰিয়া প্ৰকাশ (মন্তব্য) কৰো বা নকৰো, কিন্তু অনলাইনত সেই সুবিধা নথকাৰ বাবে কেতিয়াবা ভুল বুজাবুজি হয়। আনহাতে ভুৱা একাউণ্টবোৰৰ যোগেদি কৰা কমেণ্টবোৰো জনসমাগমৰ মাজৰ পৰা মুখ ঢাকি চিঞৰাৰ দৰে একে কথা। এই একাউণ্টবোৰৰ কমেণ্টৰ প্ৰতিক্ৰিয়া অৰ্থহীন, কাৰণ প্ৰফাইলটো লক্ষ্য কৰিলেই গম পোৱা যায় সত্যতা। অযথা বিতৰ্কৰে সময় নস্ট কৰি লাভ কৰা সাময়িক মানসিক তৃপ্তি ক্ষণিক সময়ৰ বাবেহে। কাৰণ উত্থাপিত যিকোনো এটা বিষয়বস্তুৰ তথ্যগত পুংখানুপুংখ অধ্যয়নৰ বাবে ইণ্টাৰনেটে দিছে বিশাল মাধ্যম, মাথোন অলপ প্ৰয়াসৰ প্ৰয়োজন। পাচত যদি উত্থাপিত বিষয়বস্তুৰ সত্যাসত্য প্ৰমাণিত নহয় তেতিয়া অৱতাৰণা কৰাজনৰ ভবিষ্য্ত বিশ্বাসযোগ্যতা হ্ৰাস পায় আৰু গ্ৰহণযোগ্যতা নোহোৱা হৈ পৰে। সেইবাবে আনৰ যিকোনো বিষয়বস্তু পছন্দ হলে copy নকৰি হুবহু ৰুপত share বা like কৰিলে ভাল হয় যাতে সকলোৱে মূল বিষয়টোৰ ওপৰত পূৰ্বে কৰা commentবোৰৰ পৰা কিছু অনুমান বা তথ্য লাভ কৰিব পাৰে।

মনলৈ ভাৱ আহে- বিতৰ্কিত মন্তব্য বিলাকক শব্দ প্ৰদুষণৰ লগতও তুলনা কৰিব পাৰি আৰু ইয়াক বায়ু প্ৰদুষণৰ লগত সংগতি ৰাখি কব পাৰি যেনে প্ৰদুষিত বায়ুৰ ফলত জীয়াই থকাৰ যান্ত্ৰণাৰ উপশম কেৱল সেউজীয়া পৰিৱেশেহে ঘটাব পাৰে, গতিকে সকলোৱে সেউজীয়া মনৰ অধিকাৰী হোৱাৰ প্ৰয়োজন। সেউজীপ্ৰেমী সকলে ফেচবুকত ৰুপণ কৰা বৃক্ষৰ ছাঁত অলপ জিৰাই ভাল লাগে, মনটো ফৰকাল লাগে। চেস্টা কৰো যাতে গছপুলি ৰুব নোৱাৰিলেও নস্ট যেন নকৰোঁ কাৰণ পৃথিৱী এখনেই আমি ইয়াক এৰি কলৈকো গৈ শান্তিত থাকিব নোৱাৰো।

     নৱ প্ৰজন্মই সদায় জ্যেস্থজনক follow কৰিব বিচাৰে, তেওঁৰ পৰা কিবা শিকাৰ আশা কৰি। আমি যদি তেওঁলোকক সামাজিক নিপুণ বনুৱা কৰি তুলিব নোৱাৰো তেন্তে কণ্টকাকীৰ্ণ পথেৰে আগুৱাবলৈ সাজু থাকিব লাগিব যিহেতু আমাৰ জীৱনৰ পথ সকলোৰে বাবে একেটাই। আমি সাঁজি যোৱা পথেদিহে আগবাঢ়িব আমাৰ পাচৰ প্ৰজন্ম।

কথাখিনি চচিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলৰ মাজত চিন্তাৰ উদ্ৰেক ঘটাব বুলি আশা কৰি মোৰ মনৰ ভাৱ প্ৰকাশ কৰিলো    


লক্ষী না বৰবৰুৱা
১৭/০৬/২০১৬  

No comments:

Post a Comment