জীৱনত কেতিয়াবা এনেকুৱা ব্যক্তিক লগ পোৱা যায় যাৰ
সান্নিধ্যত মন প্ৰফুল্লিত হৈ উঠে আৰু এনেহে লাগে যেন মনৰ আন্ধাৰ কোনত ক্ৰমে মৰহিব
ধৰা পুলিটোৱে জোনাকী পোহৰৰ উত্তাপ পাই নতুনকৈ পোখা মেলিব। হয় আমি জীৱনৰ বাটত অনেক
লোক লগ পাঁও যাৰ দ্বাৰা আমি বহু কথা নতুনকৈ শিকিবলৈ পাঁও। কালক্ৰমত তেনেলোক হেৰাই
যায় আৰু লগত লৈ যায় বহু গুৰুত্বপূৰ্ণ তথ্যৰ সমল, লুপ্ত হৈ পৰে বহু সুন্দৰ সৃস্টি,
ক্ষতি হয় কলা-কৃস্টি, সংস্কৃতিৰ ভঁৰাল। সেয়েহে বৰ্তমান
সময়ত নৱ-প্ৰজন্মই বহু ৰীতি-নীতিৰ লগত আচহুৱা যেন অনুভৱ কৰে।
ময়ো এদিন সৌভাগ্যক্ৰমে এনে
এগৰাকী লোকক লগ পাই ধন্য হলো, তেখেতৰ পৰা জানিব পাৰিলো পুৰণি, ক্ৰমে হেৰাই যাব ধৰা
নীতি-নিয়মৰ কথা। তেখেত হল মোৰ শ্ৰদ্ধাৰ শ্ৰীযুতা যোগদা দত্ত (আইতা)। বৰ্ষীয়ান আইতাগৰাকীয়ে
এফালৰ পৰা সাৱলীলভাৱে দি যাব পাৰে তেখেতৰ স্মৃতিৰ মনিকোঠাত
আৱদ্ধ হৈ থকা বহু গুৰুত্বপূৰ্ণ তথ্যৰ আভাস। তেখেতৰ বিহু সম্পৰ্কীয় এটি লেখাই মোৰ মনত এক নতুন চিন্তাৰ উদ্ৰেক ঘটালে। তেখেতৰ লেখাটি হবহু
ৰুপত আগবঢ়োৱা হল-
“জীৱনৰ ৰন্গিয়াইদি
ৰঙালি, কঙালি আৰু ভোগালীৰ দাপোনত এভূমুকি”:
সুজলা-সুফলা শস্য-শ্যামলাৰুপে মনোহৰা চিৰচেনেহী
শুৱনি আমাৰ গাঁওখনিৰ মনোৰম দৃশ্যৰাশি চাইনো চাই থাকিবৰ মন যায়, দুয়োকাষে সেউজীয়া
ধাননী পথাৰখনিৰ মাজেদি মসৃণ পথটিৰ দুয়োকাষে সোণাৰু, এজাৰ, পলাশ, কৃষ্ণচূড়া আদি
শাৰী-শাৰী গছৰ মাজেদি দিখৌমুখ নকটানিৰ কালুগাঁৱৰ প্ৰথম ঘৰখনেই মোৰ
জন্মস্হান। (জন্ম ১৯৩২ চন)
আদৰ্শবান খেতিয়ক মোৰ
পিতাদেউ স্বৰ্গীয় সোণবৰ নেওগ (বায়ন) আৰু বৌতি এগৰাকী সুকণ্ঠৰ অধিকাৰী শিল্পী। এগৰাকী পাকৈত গৃহিণীৰ উপৰিও কেইবাখনো গাঁৱৰ নামঘৰ, সকাম-নিকাম,
ৰাজহুৱা অনুস্হান আদিত ঘোষা, পদ, কীৰ্তন, গোঁসাই নাম, দিহা নাম আদি পৰিৱেশন কৰি
শ্ৰোতা-দৰ্শকৰ মন আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। ঘাইকৈ কৃষিজীৱি পিতাদেউৰ নেৰানেপেৰা পৰিশ্ৰম আৰু হাতৰ পৰশত চোতালৰ
আগত এখনি নানাৰঙী ফুলনি বাগিচা, সু-সজ্জিত চালে চকুৰোৱা ফলমুল আৰু পাচলিৰ বাৰী
যিখন বাৰীৰ বিষয়ে কবলৈ গলে কবিৰ ভাষাৰে –
“চালত কোমোৰা লাউ জিকা ভোল
ভঁৰালত জহা ধান,
গোহালীত গৰু পুখুৰীত মাছ
বাৰীত তামোল পাণ।“
আমাৰ ছয়জনীয়া কৃষিজীৱি সাধাৰণ পৰিয়ালটো পৰিশ্ৰমী আৰু সংস্কৃতিবান আছিল। বিশেষকৈ পিতাদেউ আৰু বৌতিৰ আদৰ্শ আৰু উপদেশৰ মাজেদি আমি বহুতো
সংস্কাৰমূলক কথা আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে হৃদয়ংগম কৰিব পাৰিছিলো।
বিষেশকৈ অসমীয়া জাতিৰ
প্ৰাণস্বৰুপ, অসমীয়াৰ বাপতি সাহোন বিহুৰ বিষয়ে আমাৰ গাঁৱৰ বয়োজ্যেস্হসকল, ককাদেউতা,
বৌতি পিতাদেউৰ পৰাই আমি বহুতো কথা জানিবলৈ সুবিধা পাইছিলো। জানিব পাৰিছিলো মানৱ সমাজৰ সম্প্ৰীতি সমম্বয়ৰ এনাজৰীৰে বান্ধ খাই থকা
কৃষিজীৱি অসমীয়াৰ হিয়াৰ আমঠু জাতীয় উত্সৱ হৈছে বিহু। বিহু আৰু অসমীয়া সংস্কৃতিৰ এটা মুদ্ৰাৰ দুটা পিঠি।
“বিহু বিহু বিহুটি আমাৰ বিহু তিনিটি
কাতি বিহু কঙালি মাঘৰ বিহু ভোগালী
বহাগতে ধেমালি কৰো।“
(বহাগ বিহু)
সময়ৰ বোকোচাত উঠি এই তিনিওটি বিহুৱেই অনন্য
সুন্দৰ প্ৰকৃতিৰ বুকুলৈ আমাৰ প্ৰাণলৈ প্ৰত্যেক বছৰেই আহে। সৰুৰে পৰাই আমি শ্ৰদ্ধা-ভক্তি আৰু আন্তৰিকতাৰে বিহুৰ নিয়মবিলাক পালন
কৰিছিলো। চ’ত মাহ সোমোৱাৰ লগে লগে বতাহ-ধুমুহা, শিলাবৃস্টিয়ে ঘৰ-দুৱাৰ,
কাপোৰ-কানি উৰুৱাই নিয়ে। আমাৰ বৌতিহঁতে কয় – বৰদৈচিলা মাকৰ ঘৰলৈ বিহু
খাবলৈ হিল-দল ভাঙি গৈছে। বৰদৈচিলাৰ উত্ৰাৱল নৃত্য ভংগীমাত গুম-গুম মেঘৰ মাদল,
ভেকুলীৰ টোৰটোৰণিয়ে বসন্তৰ আগমনৰ বাতৰি আনে। কুলি-কেতেকীয়ে
ঐক্যতানেৰে দশোদিশ মুখৰিত কৰি আমাৰ পণ্চ ইন্দ্ৰিয়ক উপহাৰ দিয়ে এক অনাবিল তৃপ্তি।
কবিৰ মতে-
“চত বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
ঘৰ-দুৱাৰ, কাপোৰ-কানি নিয়ে উৰুৱাই।“
বিহুৰ পোন্ধৰ দিনমানৰ আগৰে পৰাই আমাৰ গাঁৱৰ
জীয়ৰী-বোৱাৰীহঁতে সূতা লেটিয়াই উঘা লয়, বাটিকাঢ়ে, ৰাঁচ ভৰাই ব-তোলে আৰু ৰঙীন ফুলেৰে বিহুৱান বয়। গাঁৱৰ জীয়ৰী-বোৱাৰীহঁতৰ গা সাতখন-আঠখন হয়। সংক্ৰান্তিৰ আগদিনা উৰুকা। উৰুকাৰ দিনা আমাৰ গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে
নৈৰ ঘাটত, পুখুৰীৰ পাৰত কাপোৰ-কানি ধোৱে, ঘৰ মচে। বিহুলৈ কেইটামান দিন থাকোঁতেই আমাৰ গাঁৱত ঢোলৰ মাত, ঢেকীৰ গুমগুমনিৰে
ৰজনজনাই, আমাৰ মনটো বিহুবলীয়া কৰি তোলে। চিৰা, মূড়ী, হুৰুম, কোমল চাউল, বৰা
চাউল, আখৈ, তিলপিঠা, ঘিলাপিঠা, সুতুলি পিঠা, নাৰিকলৰ পিঠা, ফেনী পিঠা, টোপা পিঠা,
টেকেলিৰ মুখত দিয়া পিঠা, চুঙা পিঠা, কলপাতত দিয়া পিঠা, ভাপত দিয়া পিঠা, তিলৰ
লাড়ু, নাৰিকলৰ লাড়ু, বৰা সান্দহ, সুগুৰা সান্দহ, মালভোগ চিৰা আদি তৈয়াৰ কৰে। বিহুগীতত এইদৰে গোৱা হয়-
“তিলপিঠা, ঘিলাপিঠা, চিৰা-দৈ-গুৰ, সুতুলি
কাণতে, ডিঙিতে কেৰুমণি জোনবিৰি
হাতত মুঠি খাৰু কোনে দিলে বাৰু
বিহুৰে বিহুৱান মুগা ৰিহাখনি ঐ ঐ ঐ ঐ
বিহুনো মাৰিবলৈ যাঁও।“
বিহুবলীয়া মনটিত পেঁপাৰ
মাত, ঢোলৰ মাত, কুলি, কেতেকীৰ বিননি, তাঁতশালত যঁতৰৰ সুৱদী সুৰ, মাকোৰ খিটখিটনি,
দোৰপতি নাচনীৰ গৰকাৰ দপদপনি এক সুৱদী সুৰৰ সুৰ সমলয়ৰ সৃস্টি কৰি আমাৰ অন্তৰত এক
অনাবিল তৃপ্তিৰ আনন্দ দিয়ে। আমাৰ
মনলৈ বিহুৰ বতৰা কঢ়িয়াই আনে এনেদৰে –
“বিহুটি আহিলে সোণ, চালিমাৰি নাচনী
চালিমাৰি নাচনী সোণ, গৰকাৰ দপদপনি
গৰকাৰ দপদপনি সোণ, নিশা নাহে টোপনি
নিশা নাহে টোপনি সোণ, নিশানো সামাজিকত দেখো।“
গাঁৱৰ ডেকা-গাভৰুসকলৰ গা-মন সাতখন-আঠখন কৰে। বিহুগীতত শুনিবলৈ পাঁও এনেদৰে-
“ঘৰতো নবহে মন সমনীয়া
পথাৰতো মবহে মন
কমোৱা তুলাবোৰ যোনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।“
চত মাহ সোমোৱাৰ লগে লগে
কুলি-কেতেকী আদি বিহুৱতী চৰায়ে বসন্তৰ আগজাননী দিয়ে। গছত নাহৰ, কপৌ, তগৰ, খৰিকাজাই, কেতেকী আদি ফুল ফুলি দশোদিশ আমোলমোলাই
এক অনাবিল আনন্দৰ সৃস্টি কৰে। প্ৰকৃতিৰ প্ৰাণ হৰি নিয়া সুবাসে সকলোৰে দেহ-মন
প্ৰফুল্লিত কৰি তোলে। বিহুগীতৰ কথাৰে –
“চতে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈনো কৈ থাকিলে উৰকে নপৰে
ৰঙালি বিহুৰে কথা।“
আমাৰ গাঁৱৰ শিপিনীসকলে
তাঁতশালৰ সজুঁলিবিলাকৰ লগত ব্যস্ত থাকোতে উৰণীয়া মনটি বান্ধিব নোৱাৰি বিহুগীত জোৰে
–
“দেহা ঐ নাহৰ ফুল ফুলিবৰ বতৰ
নাহৰ ফুলৰ গোন্ধে পাই ৰব মই নোৱাৰো
গছকত ভাঙি যাঁও যঁতৰ।“
বহাগৰ সংক্ৰান্তিৰ দিনা গৰু
বিহু। পুৱা সোনকালে উঠি গা-পা ধুই, গোঁসাই ঠাই মচি চাকি-বন্তি, ধুপ-ধুনা
জ্বলাই, আসনত নতুন কোপোৰ দি, প্ৰসাদৰ শৰাই, জা-জলপান, পিঠা-পনা আদি আগবঢ়াই প্ৰাৰ্থনা গাও আৰু শেষত বৌতিয়ে আমাক
খাবলৈ দিয়ে। সেইদিনাই আগবেলা মাহ-হালধি বাতি লগত মাঠাতেল মিহলাই পথাৰৰ চিপচিপিয়া
বৰষুণজাকত হোৱা ন-পানীত, নৈৰ পাৰত নহলে পুখুৰীৰ পাৰত আমাৰ গৰুকেইটাক গা ধুৱাবলৈ
নিয়ে। আমিও লগতে এই কামবোৰত সহায় কৰিবলৈ যাঁও। প্ৰথমতে গৰুক মাহ-হালধিৰ ফোঁট দি গোটেই গাতে সানে
আৰু গা ধুৱায়। চালনি এখনত গৰুচাট (বাঁহৰ কাঠি মিহিকৈ বনাই জাতিলাউ, ৰঙালাউ, কোমোৰা,
বেঙেনা কেৰেলা, টিঁয়হ, বৰ থেকেৰা, হালধি ইত্যাদি কাঠিবোৰত চিলাই দিয়ে ) বনাই চালনি
এখনত লৈ যায়। পিতাদেৱে গৰু গা ধুওৱাৰ পিছত সাহঁতৰ গালৈ এই ছাটত চিলাই থোৱা পাচলিৰ
টুকুৰাবোৰ দলিয়াই কয় –
“লাউ খা ৱেঙেনা খা জাতে জাতে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। “
গৰুক গা ধুঁৱাওতে মাখিয়তী
দিঘলতীৰ ঠাল লৈ গৰুক কোবায়। এইখিনি
কৰিলে গৰুৱে মহ-দাহ, চেৰেপাৰ পৰা ৰক্ষা পায় বুলি জনবিশ্বাস আছে। গৰু গা ধুওৱাৰ লগতে মাহ হালধিৰে ঘৰৰ সকলোৱে গা ধুব লাগে। খৰ-খজুৱতী আদি বহুতো বেমাৰৰ পৰা হাত সাৰিবলৈ এইবিধ বনৌষধি হিচাবে কাম
কৰে।
আবেলি গৰুবোৰ ঘৰলৈ আহোতে
তৰা গছৰ নতুন পঘাত তুলসীৰ আগ এটা চিলাই দি গৰুক পঘা পিন্ধায় আৰু মহ-দাহৰ পৰা ৰক্ষা
পাবলৈ গোহালি, চোতাল, পদুলিমুখ আদিত ধানখেৰ, দিঘলতী, মাখিয়তী আদিৰে ধোঁৱা বলি
থকাকৈ আমাৰ পিতাদেৱে জাগ দিয়ে।
বৌতিয়ে ঘিলাপিঠা বনাই আনি
গৰুবোৰক খুৱাই দিয়ে। এই কামবিলাকত আমিও সহায় কৰি দি আনন্দ পাঁও। আকৌ গৰুৰ বিহুৰ দিনা জা-জলপান খাই উঠি বচ (এবিধ বনৌষধি) আৰু নহৰু
খুন্দি পানীত মিহলাই লৈ ধানখেৰৰ জুমুঠি এটা জ্বলাই হাতত লৈ পিতাদেৱে এই পানিখিনি
চটিয়াই চটিয়াই ঘৰৰ চাৰিওফালে এপাক ঘুৰা আমি দেখিছিলো। ইয়াৰ পিছত বৌতিয়ে হাতত মাখিয়তী, দিঘলতী আৰু বিচনী
লৈ গোঁসাই ঠাইৰ পৰা আৰম্ভ কৰি গোটেই ঘৰখন বিচি বিচি বাহিৰৰ বাৰান্দাত দীঘলতী,
মাখিয়তী খুচি থৈ আহে। এই ব্যৱস্হা কৰিলে সৰ্প নিবাৰণ আৰু অগ্নি নিবাৰণ
হয় বুলি বৌতিহঁতৰ মুখত শুনিছিলো। বৌতিয়ে
কোৱামতে সেইদিনাৰ পৰাহে অসমীয়া মানুহে বিচনীৰ ব্যৱহাৰ কৰে।
সংক্ৰান্তিৰ দিনা এশ এবিধ
বনশাকৰ লগতে গৰু চাটত দিয়া পাচলি অলপ, কঠালৰ মুচি, আমকলি, পচলা দি ৰান্ধি গধুলি
আমাক ভাতৰ লগত বৌতিয়ে খাবলৈ দিয়ে। বিহুগীতত আমি শুনিবলৈ পাঁও –
“দেউতা ঐ এস এবিধ শাকেৰে ৰান্ধো
মাহ হালধীৰে গৰু গা ধুৱালো
তৰালি পঘাৰে বান্ধো।“
আকৌ সংক্ৰান্তিৰ দিনাই নাহৰ পাতত –
“দেব দেব মহাদেব, নীলগ্ৰীবং জটাধাৰং
বাত বৃস্টি হৰং দেৱ, মহাদেৱ নমস্তুতে:”
এইফাঁকি মন্ত্ৰ মহাদেৱক স্তুতিকৰি নাহৰ পাতত লিখি ঘৰৰ দুৱাৰমুখত
বাৰান্দাত খোচ মাৰি থোৱা আমি দেখিছিলো। বতাহ, বৰষুণ, ধুমুহা শিলাবৃ্স্টি আদিৰ
পৰা ৰক্ষা পাবলৈ এই ব্যৱস্হা কৰা হয়।
সংক্ৰান্তিৰ দিনা ঘৰৰ সকলোৱে জলপান খায়। কিন্তু পিছবেলা পইতা ভাতৰ লগত কণী আৰু বিলাহীৰ ভাজি খায়। এনে কৰিলে গোটেই বছৰটো শৰীৰ শীতল হৈ থাকে বুলি জনবিশ্বাস আছে। সেইদিনা বৌতিয়ে আমাক খাবলৈ দিয়া ওখোৱা চাউলৰ টেঙা পইতাৰ জুতি এতিয়াও
মোৰ জিভাত লাগি আছে।
বিহুলৈ পোন্ধৰ দিনমান
থোকোতেই আমাৰ গাঁৱৰ লৰামখাই কণী বিচাৰি ওচৰৰ গাঁৱলৈ যায়। একুৰিমান কণী আনি আমৰলি পৰুৱাৰ বাঁহত নাইবা কেঁচা
গোবৰত দুদিনমান পুতি থয়। তেনে কৰিলে কণিবোৰ টান হয় বুলি জনবিশ্বাস আছে। টান কণীক সৈয়াকণী বোলে। সৈয়াকণী দুবিধ –শিলসৈয়া আৰু জলসৈয়া। আমাৰ পিতাদেউহতেঁও গাঁৱৰ তিনিআলিৰ মুৰত কণী যুঁজ খেলে। আমিও লগতে চাবলৈ যাঁও।
গৰুৰ বিহুৰ দিনাই আমাৰ
গাঁৱৰ জীয়ৰী-বোৱাৰীসকলে হাতে বোৱা মুগাৰ ৰিহা-মেখেলা পিন্ধি, কলডিলীয়া খোপাত কপৌ,
তগৰ ফুল মাৰি দিঘলীয়া সেওঁতা ফালি, যোৰফোঁট (সেন্দুৰৰ ডাঙৰকৈ লোৱা ফোঁটটোৰ তলত
লোৱা আৰু এটা সৰু ফোঁট) লৈ হাতত জেতুকা, ওঁঠত বৰহমথুৰি বোলাই কাণত থুৰীয়া, ডিঙিত
জোনবিৰি, ঢোলবিৰি নাইবা ডুগডুগী, কেজেৰা, হাতত মুঠিখাৰু পিন্ধি গছৰ তলত, পথাৰৰ
মাজত নাইবা নৈৰ পাৰত হাতত তকা লৈ জেং বিহু কৰিবলৈ যায়। ঘুৰণীয়াকৈ শাৰী পাতি ইগৰাকীৰ পিছত সিগৰাকী
একাদিক্ৰমে নাচি নাচি তকা বজাই জেং-বিহু কৰে। এই নামবিলাকত সখিসকলৰ মাজত ৰং-ধেমালিৰ কথাহে পোৱা
যায়। একেদৰে গাঁৱৰ গছ তলত গাভৰু বিহুৰ ওচৰা-ওচৰিকৈ ডেকাসকলে বিহু মাৰে। এই বিহুতেই ডেকা-গাভৰুৰ মাজত ধেমালিৰ চলেৰে ইজনে সিজনক জোকায় আৰু
প্ৰেম নিবেদন কৰে। বিহুগীতত আমি পাঁও –
“আয়েনো নামে দিলে
ইলাচী বিলাচী
বোপায়ে নামে দিলে জৰা।
এইনো হেন নামেৰে চেনায়ে মাতিলে ঐ
নৈৰে ঘাটৰে পৰা।“
প্ৰধানকৈ এই বিহুবিলাকত
ডেকা-গাভৰু প্ৰেম-পিৰীতি প্ৰধান বৈশিস্ট্য হিচাপে দেখিবলৈ পোৱা যায়।
গৰুৰ বিহু দিনাই পিছবেলা
গাঁৱৰ বয়োজ্যেস্ঠ আৰু ডেকাসকল লগ লাগি প্ৰথমতে মেধি, সাতোলা, গাঁৱৰ মুৰব্বীজনৰ ঘৰত
বিহু মাৰিবলৈ আৰম্ভ কৰে। এইটো অতীজৰে পৰা
আমাৰ গাঁৱত চলি আহিছে। গাঁৱৰ সকলোৱে ঘৰত হুঁচৰি গাই আশীৰ্বাদ দিয়া মূল ৰুপটো অতি
পৰিমাৰ্জিত আৰু ভক্তিভাৱৰ বহিপ্ৰকাশ ঘটে। হুঁচৰিত ঘোষা, পদ, ফুলকোঁৱৰ, মণিকোঁৱৰৰ
গীত, মালিতা আদি গোৱা আমি দেখিছিলো। হুঁচৰিত লহৰীয়া নৃত্য জোৰা নাম, মেলা নাম
আদিও গোৱা শুনিছিলো। ঢোল, পেঁপা আদিত কছাৰী ছেও, ডেকা ছেও, বুঢ়়া
ছেও, মিৰি ছেও, খৰা ছেও আদি ঢুলীয়াই বজোৱা দেখিছিলো। আমাক পিতাদেৱে বুজাই দিছিল, সেইসময়ত হুঁচৰিত
ছোৱালী নাচিবলৈ দিয়া নাছিল। পুৰুষকে নাচনীৰ সাজ পিন্ধাই নচোৱা হৈছিল। হুঁচৰিৰ শেষত গৃহস্হই শৰাই আগবঢ়াই সেৱা কৰিছিল। সেৱা কৰোতে ৰাইজে শাৰী পাতি বহি হৰিধ্বনি দিয়ে লগতে সকলোৱে গায় –
“এটা বাতিত নহৰু এটা
বাতিত পনৰু
এটা বাতিত খুতুৰা শাক
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো
গৃহস্হ কুশতে থাক।“
গৰু বিহুৰ দিনাই গধুলি
খাই-বৈ উঠি ঘৰৰ সকলোৱে হাতত আৰু ভৰিৰ নখত জেতুকা বান্ধে। সৰ্প নিবাৰণ আৰু বসন্ত নিবাৰণ হয় বুলি জনবিশ্বাস আছে।
দ্বিতীয়দিনাখন, মানে মানুহ
বিহুৰ দিনা ঘৰৰ সকলোৱে নতুন কাপোৰ পিন্ধে। গাভৰুসকলে ডেকাসকলক, জীয়ৰী-বোৱাৰীসকলে
জ্যেস্ঠ আৰু কণিস্ঠজনক শ্ৰদ্ধা আৰু মৰম যাচি বিহুৱান যাচে। জ্যেস্ঠজনক মজিয়াত শৰাই সজাই কণিস্ঠজনে সেৱা কৰে আৰু আশীৰ্বাদ দিয়াৰ
পিছতহে সকলোৱে ইজনে সিজনৰ ঘৰলৈ অহা-যোৱা কৰি মৰম-চেনেহ সমন্বয়ৰ এনাজৰীডাল কটকটীয়া
কৰি তোলে। বিহুগীতত শুনিবলৈ পাইছিলো –
“বিহুৰে দিনাখন
জ্যেস্হসকলক সেৱিবা চৰণত ধৰি,
কণিস্ঠসকলক এবুকু মৰমেৰে লবা আকোঁৱালি ধৰি।“
গোঁসাই বিহুৰ দিনা গোঁসাই
ঠাইত চাকি-বন্তি জ্বলাই প্ৰসাদৰ শৰাই আগবঢ়াই জা-জলপান খাইহে ইঘৰ-সিঘৰলৈ ওলাই যায়। দুপৰীয়া ভাতসাজৰ লগত পইতা ভাতৰ লগত দৈ মিহলাই
সকলোৱে খায়। খাঁওতে বৌতিয়ে বিচনীৰে আমাক বিচি থাকে। গোটেই বছৰটো শৰীৰটো শীতল কৰি ৰাখিবলৈ এই ব্যৱস্হা কৰা হয় বুলি
পিতাদেওহঁতে আমাক কৈছিল।
(কাতি
বিহু)
কাতি বিহুত ধান-চাউলৰ
নাটনি হয় বাবে এই বিহুক কঙালি বিহু বোলে। কাতি মাহৰ সংক্ৰান্তিৰ দিনা চোতালৰ মূৰত
তুলসী ভেটি সাজি তুলসী পুলি ৰুই সন্ধ্যা চাকি-বন্তি জ্বলাই মাহ প্ৰসাদৰ শৰাই দি
ঘৰৰ সকলোৱে প্ৰৰ্থনা আৰু নাম কীৰ্তন কৰা হয়। বৌতিয়ে
লগাই দিয়াৰ লগতে আমি সকলোৱে চিঞৰি চিঞৰি গাঁও –
“তুলসীৰ তলে তলে
মৃগপহু চৰে ঐ ৰাম
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।“
নামৰ শেষত প্ৰসাদ
পিঠা-পনা, জলপান আদি সকলোৱে খাই চুবুৰীৰ সকলোৰে ঘৰলৈ আমি নাম গাবলৈ যাঁও। কাতি বিহু দিনা সন্ধ্যা বৌতিৰ লগত আমি সকলো পথাৰত শস্য চাবলৈ যাঁও
আৰু পোক-পৰুৱাই অনিস্ট নকৰাকৈ নিৰাপদে শস্য ৰাখিবলৈ ভগৱানৰ ওচৰত প্ৰৰ্থনা জনাই
এগছি বন্তি জ্বলাই বৌতিৰ লগতে আমিও সেৱা কৰো। শৈশৱ কালত জোনাক নিশা চোতালত পিৰা পাৰি বহি সাধু শুনি থাকোতে বৌতি
আৰু পিতায়ে কোৱা কাহিনী এটা মনত পৰিছে।
সত্যযুগত ধানৰ ঠোকাবোৰত
চাউলহে আছিল, বাকলি নাছিল। এদিন এজন ব্ৰক্ষ্মণে গাঁৱত ভোজ খাই ধাননি
পথাৰৰ মাজেদি গৈ থাকোতে জহা আৰু বৰা চাউলৰ লোভ লগা গোন্ধ পাই ৰবই নোৱাৰিলে। লগে লগে চাউলৰ ঠোক এটা ছিঙি আনি গোটেই ঠোকটো চুচি-চুচি মাৰক-মাৰককৈ
চোবাই খাই পেলালে। তেতিয়া আই লখিমীয়ে মনত বৰ দুখ পালে। লখিমীয়ে ভাবিলে- এইদৰে যদি মন গলেই সকলোৱে মোক মঘা মাৰি খাই পোলায়,
পৃথিৱীত মই বেছিদিন জীয়াই থাকিব নোৱাৰিম। গতিকে আজিৰ পৰা মই যদি গাত বাকলি পিন্ধো,
লোভ লাগিলেই মোক খাই পেলাব নোৱাৰিব। সেইদিনাৰ
পৰাই আই লখিমীয়ে গাত বাকলি পিন্ধিলে আৰু চাউল গুচি ধান হল। সেইকাৰণে কৃষকসকলে ন-ধান চপোৱাৰ পিচত ভগৱানৰ আগত ন-চাউল অৰ্পণ কৰিহে
ভাত খাবলৈ লয়।
এইখিনিতে আমাৰ নামঘৰত গোপিনীসকলে গোৱা নাম এষাৰ মনলৈ আহিছে –
“ভোজন খাই আহিয়ে খকুৱা বামুণে
চুচি গালে মাৰি খালে।
সেই অপমানে আই লখিমীয়ে
গাতে বাকলি ললে। “
আমাৰ বৌতিয়ে গোটেই কাতি
মাহটো সন্ধ্যা তুলসী ভেটিত বন্তি জ্বলাই সেৱা কৰা দেখিছিলো। এতিয়াও এই পৰম্পৰা আমি এটুত ৰাখিবলৈ চেস্টা কৰি
আহিছো। এই বিহুত বিশেষ উলহ-মালহ দেখা নাযায়।
(মাঘ
বিহু)
মাঘ বিহু বা ভোগালী বিহুত ধান-চাউল,
শাক-পাচলি চাৰিওফোলৰ পৰা নদন-বদন হয়। উৰুকাৰ দিনা জীয়ৰী-বোৱাৰীসকলে বহাগ বিহুত
বনোৱাৰ দৰে মনৰ হেঁপাহেৰে পিঠা-পনা, জা-জলপান আদি বনায়। উৰুকাৰ দিনা ঘৰৰ পদুলি মূৰত নাইবা পথাৰৰ মাজত গাঁৱৰ ৰাইজে তলত সাত
জাপ আৰু ওপৰত সাত জাপ খৰি জাপি মাজত দুটা এটা বাঁহ সুমুৱাই দিয়ে। হিলৈ ফুটাৰ দৰে শব্দ হবলৈ মেজি সাজে। মেজিটো পৰি নাযাবলৈ চাৰিওফালে চাৰিডাল বাঁহ পুতি দিয়ে। নামঘৰৰ কাষতেো গাঁৱৰ ৰাইজে মেজি আৰু ভেলাঘৰ সজাৰ নিয়ম আমাৰ গাঁওবোৰত
দেখিবলৈ পোৱা যায়। সাজি থোৱা মেজিটোৰ তলত সন্ধিয়াৰে পৰা এগছি বন্তি
জ্বলাই ৰাখে। মেজিৰ কাষতে গাঁৱৰ ৰাইজে নৰা আৰু খেৰেৰে ভেলাঘৰ সাজি মেজি ৰখি থাকে
আৰু ৰাতিয়েই সকলোৱে ভোঁজ-ভাত খাই আনন্দ কৰে। গাঁৱৰ
লৰাসকলে আনন্দতে ইঘৰ-সিঘৰৰ বাৰীৰ পৰা কাঠ-বাঁহ, শাক-পাচলি গৃহস্হই কব নোৱৰাকৈ আনি
ৰং-ৰহইচেৰে ভোজ-ভাত খায়।
যেতিয়া আমাৰ পিতাদেউ পুৱতী নিশা গা পা ধুই মেজি জ্বলাবলৈ সাজু হয়
তেতিয়া আহু ধানৰ খেৰেৰে পকাই ৰচী এডাল তৈয়াৰ কৰি ঘৰখনৰ ঘাইখুটা বান্ধে। ঢেকীৰ কতৰাযোৰৰ মাজত আৰু ভঁৰালৰ খুটাত বান্ধে বাৰীৰ লাগনী গছ এজোপাটো
একেদৰেই বান্ধ এটা দি তিনিটা দলি চপৰা মাৰে। আন এজনে সুধে- কি দলিয়াইছা ? পিতায়ে উত্তৰ দিয়ে-
মাঘ নোৱাবলৈ নাযাবি। এইষাৰকে তিনিবাৰকৈ কয়। জনবিশ্বাসমতে ঘৰৰ ধৰণী
ৰাখিবলৈ ভঁৰালৰ শস্য নিৰাপদে থাকিবলৈ আৰু বাৰীৰ ফলমূল প্ৰচুৰ হবলৈ এই বান্ধ দিয়া
হয়।
ইয়াৰ পিছত পিতায়ে বাঁহৰ
সৰু সৰু কাঠিৰে এপাত জোৰ তৈয়াৰ কৰি জ্বলাই লৈ মেজিটোৰ চাৰিওফালে তিনিপাক ঘুৰে। প্ৰত্যেক পাকতে সন্মুখৰ ফালে জোৰ পাত টোঁৱাই শেষত সন্মুখৰ পৰা মেজিটো
জ্বলাই দিয়ে। মেজি জ্বলি থাঁকোতে আমি সকলোৱে হৰিধ্বনি দিয়া মনত
পৰিছে-
“জয়ৰা হৰি বোলা, জয়ৰা ৰাম বোলা
কেঁচাই পকাই দংশি নিবই লাগিব, নিনিলেই নহব।“
সেৱা কৰোঁতে তামোল-পাণ, তিলপিঠা, অৰিহণা আদি অৰ্পণ
কৰি অগ্নিদেৱতায়ে নম: বুলি প্ৰাৰ্থনা কৰে। পিতায়ে মেজিত সজাই থোৱা প্ৰসাদ এভাগ দিওঁতে গোটা নাৰিকল এটাও দিয়া
দেখিছিলো। প্ৰসাদ খাওঁতে মেজিৰ ওচৰত মাটি মাহ আৰু আৰৈ বৰা চাউল ভাজি গোট কৰাই
বনাই বৌতিয়ে সকলোকে খাবলৈ দিয়ে। ইও এক বনৌষধি।
কৃষিজিৱীসকলৰ মতে মেজি
জ্বলোৱাৰ উদ্দেশ্য হৈছে অগ্নিপুজা। জনবিশ্বাসমতে মেজি হৈছে পিতামহ ভীস্মৰ
শৰশৰ্য্যা। মেজিৰ জুইত কাঠ আলু, মুৱা আলু আদি পুৰি খোৱা আমি সৰুৰে পৰাই দেখি আহিছো।
দুপৰীয়া সকলো ৰাইজ নামঘৰত
সমবেত হৈ নামকীৰ্তন কৰি প্ৰসাদ, জা-জলপান, পিঠা-পনা আদি খায়।
অসমীয়া সংস্কৃতিৰ, অসমীয়া জাতিৰ প্ৰাণ স্বৰুপ এই
তিনিওটি বিহুৰ নিয়ম-নীতিবিলাক আমাৰ উপৰি-পুৰুষসকলৰ দিনৰে পৰাই চলি অহা বুলি
ককাদেউতা, বৌতি, পিতাদেউহঁতৰ পৰা জানিব পাৰিছিলো।
শিৱসাগৰৰ পুৰণা আমোলাপট্টি নিবাসী ক্ষু্দ্ৰ
ব্যৱসায়ী স্বৰ্গীয় লোকনাথ দত্ত যিদিনা মোক বিয়া কৰাবলৈ হাতীৰ পিঠিত উঠি গৰুৰ
গাড়ীত বৰযাত্ৰীসহ আমাৰ ঘৰলৈ গৈছিল তেতিয়া মোৰ বয়স পোন্ধৰ বছৰ। শৈশৱৰ দিনবোৰ
কৰ্মব্যস্ততা আৰু ৰং-ধেমালিৰ মাজত পাৰ কৰি অসমীয়া ৰীতি-নীতিৰে
পৰিপূৰ্ণ এটি সংস্কৃতিবান পৰিয়ালৰ বৰ বোৱাৰী হৈ তেখেতসকলৰ উপৰি পুৰুষসকলৰ দিনৰে
পৰা চলি অহা নীতি-নিয়মবিলাক বিশেষকৈ বিহু সংস্কৃতিৰ কথাবোৰ শহুৰ আৰু শাহুৰ পৰা
শিকিবলৈ সুবিধা পাইছিলো। গীতিকাৰৰ মনৰ কথাৰে –
“আইৰ ঘৰৰ জীয়ৰী মই
শাহু আইৰ বোৱাৰী
সংস্কৃতিৰ আদৰ্শৰে
নতুন জীৱন গঢ়ি।“
আঁঠটি সন্তানৰ তেৰটি নাতি-নাতিনীৰে পৰিপূৰ্ণ
বৰ্তমান মোৰ এই সংসাৰ। অতীজৰে পৰা কৃষিজীৱি সমাজৰ লগত ৰজিতা খাই থকা
বিহু সংস্কৃতিৰ দ্ৰুত পৰিবৰ্তন হোৱা পৰিলক্ষিত হয়। অসমীয়া লোক সংস্কৃতিৰ সিংহভাগেই উৰ্বৰা কৃষিৰ লগত জড়িত। পূৰ্বৰ কৃষিজীৱি সমাজৰ বাবে বিহু আছিল হিয়াৰ আমঠু। কিন্তু বৰ্তমান ব্যস্ততাপূৰ্ণ মানৱ সমাজে কৃষিজীৱি সমাজৰ নিয়ম-নীতি
পাহৰি নগৰমুখী আৰু মন্চমুখী বিহুকেই আদৰিবলৈ বাধ্য হৈছে। এইটো ভৱিষ্য্ত প্ৰজন্মৰ শিক্ষণৰ বাবে শুভ লক্ষণ
নহয় বুলি কব পাৰি। কাৰণ আজিকালি বিহু সন্মিলন, বিহু মেলা, বৰ বিহুৱতী, বিহুৰাণী,
জেংবিহু, মৌ-কুঁৱৰী আদি প্ৰতিযোগিতাসমুহত কোনো কোনো অণ্ছলত আধুনিকতাৰ পৰশ দেখিবলৈ
পোৱা যায়। বিহু বুশেষজ্ঞ, বিচাৰক, বিহু কৰ্মশালাৰ প্ৰশিক্ষণ
দিওঁতা, সংস্কৃতিপ্ৰেমীসকলে এই হিয়াৰ আমঠু বিহু সংস্কৃতিক যাতে বিশুদ্ধ ৰুপত জীয়াই
ৰাখে, নহলে অসমীয়া সংস্কৃতি বঠা নাইকীয়া নাৱৰ দৰে হব।
লেখিকা- শ্ৰীযুতা যোগদা দত্ত, শিৱসাগৰ, অসম
বি: দ্ৰ:(এই লেখাটি “অসম সাংস্কৃতিক সংস্হা, আহমেদাবাদ”ৰ ৰঙালী বিহু (২০১৫)
উদযাপনৰ উপলক্ষত প্ৰকাশিত স্মৰণিকা ‘মহৰা’ ত প্ৰকাশ পাইছিল)